ৰাজ্যৰ এটা অসহায় অত্যাবশ্যকীয় সেৱা প্ৰদানকাৰী বিভাগ । সেৱাৰ নামত বিভাগটিৰ কেৱল প্ৰতাৰণা । হয় , গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ জল যাতায়ত ব্যবস্থাৰ আজি কোপতি নহল কোনো উন্নতি । সীমিত ফেৰী সেৱাৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ প্ৰতিটো ফেৰী ঘাটত দৈনিক যাত্ৰী আৰু জল পৰিবহন বিভাগৰ কৰ্মীৰ মাজত সংঘটিত হয় কাজিয়া ।বিশেষকৈ চৰকাৰী অফিচ কাচাৰীৰ সময় ৯:৩০ বজাৰ পৰা ১০:৩০ বজা । এই সময় ছোৱাত মধ্যমখণ্ড ঘাটত দুটা অতিৰিক্ত খেপৰ ব্যবস্থা কৰিলে উপকৃত হব পাৰে পাৰাপাৰ যাত্ৰী । তদুপৰি দেওবাৰে তেনেই সীমিত ফেৰী সেৱাৰ বাবে দুৰ্বিসহ হৈ পৰিছে ফেৰী যাতায়ত ব্যবস্থা । নৈশ ফেৰী সেৱাৰ নামতো আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ প্ৰহসনৰ উঠিছে ভিৰামহীন অভিযোগ । আঠ বজাৰ পিছত জল যাতায়ত ব্যবস্থা বন্ধ হৈ পৰাত অসুবিধাত পৰিছে ফেৰী যাত্ৰী । উত্তৰ গুৱাহাটী মধ্যমখণ্ড পাৰঘাটত পাৰাপাৰ সমস্যাৰ বাবে যাত্ৰী আৰু জল পৰিবহন বিভাগৰ কৰ্মচাৰীৰ মাজত প্ৰায়েই হৈ আহিছে তৰ্কযুদ্ধ । অফিচ কাচাৰীলৈ বুলি ওলাই আহি জাহাজৰ অভাবত পাৰঘাটৰ পৰা ঘৰমুৱা হয় বহু লোক । ঘাটত জাহাজ চপাৰ লগে লগে ভৰ্তি হয় বহুলোক । ঘাটত বন্দী হৈ অফিচ কাচাৰীত উপস্থিত হব নোৱাৰি জল পৰিবহন বিভাগৰ বিভাগৰ বিৰুদ্ধে যাত্ৰীয়ে উজাৰিছে ক্ষোভ । কোনো কোনোৱে আকৌ ইটো ঘাটৰ পৰা আনটো ঘাটলৈ বাটকুৰি বাই ঘাটৰ পৰা বিফল মনোৰথ হৈ ঘৰমুৱা হয় ।মালিগাঁৱৰ পথৰ কাম চলি থকাত দীঘলীয়া ট্ৰাফিক জামৰ বাবে মঙ্গলদৈ ,খাৰুপেতীয়া , নলবাৰী বাইহাটা চাৰিআলিকে ধৰি বৃহত্তৰ অঞ্চলৰ লোকে ফেৰী যাতায়তক ভৰষা কৰি আহিছে । বাইক বা চাৰিচকীয়া বাহনৰে আহি গুৱাহাটীত যাতায়ত কৰিবলৈ লৈছে । কিন্তু , বছৰ বছৰ ধৰি উন্নত জল যাতায়তৰ পৰা বঞ্চিত ফেৰী যাত্ৰীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছিল প্ৰতিশ্ৰুতি। ফেৰী সেৱা উন্নত সেৱালৈ উন্নীত কৰাৰ সংকল্প লৈ ঘোষণা কৰিছিল বহু দীৰ্ঘম্যাদী আঁচণি । ইয়াৰ পিছতো সকলো যেন জনতাক আভুৱা ভবাৰ হে কৌশল হিচেপে পৰিগণিত হৈছে । বাংলাদেশ চিতাগঙলৈ আন্ত: ৰাষ্ট্ৰীয় জলমাৰ্গৰ কথা কোৱা চৰকাৰে, খোদ মহানগৰীৰ জল পৰিবহন ব্যবস্থাৰ কৰিব নোৱাৰিলে কোনো পৰিবৰ্তন । অতি হস্ব জলপথ মধ্যম খণ্ড ঘাটত অধিক যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষ তথা মন্ত্ৰীক পুৱাৰ ভাগত আৰু দুটা খেপ বৃদ্ধিৰ লগতে অতিৰিক্ত ফেৰী উপলব্ধ কৰাৰ দাবী জল যাত্ৰীৰ।
