গুৱাহাটী,১২ অক্টোবৰঃ শাসকীয় দল বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ ভূমিক লৈ বিশেষভাৱে সৰৱ হৈ থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ আহিল গুৱাহাটী পৌৰ নিগমৰ জাননী। গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহৰ নিৰ্মাণ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমে ভূপেন বৰালৈ প্ৰেৰণ কৰিলে জাননী। উল্লেখ যে গুৱাহাটীৰ ভেটাপাৰাৰ নিৰিবিলি পথত আছে ভূপেন বৰাৰ বাসগৃহ। সেই ঠিকনালৈ আজি আহিল পৌৰ নিগমৰ জাননী। তিনিদিনৰ ভিতৰত গৃহ নিৰ্মাণৰ অনুমোদিত প্লেন আৰু এন অ’ চি দাখিলৰ নিৰ্দেশ দিয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক। উল্লেখ যে গুৱাহাটী পৌৰ নিগমৰ এছোচিয়েট প্লেনাৰে আজি ভূপেন বৰালৈ প্ৰেৰণ কৰা জাননীখনত ঘোঁৰামাৰাৰ ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্টই অভিযোগ দিয়া বুলি উল্লেখ কৰা হৈছে। ভূপেন বৰাই ঘোঁৰামাৰাৰ নিৰিবিলি পথত নিৰ্মাণ কৰা গৃহটো সন্দৰ্ভত লোকে দুজনে অভিযোগ দাখিল কৰিছে। লোক দুজনে ভূপেন বৰাৰ বিৰুদ্ধে অকৰ্তৃত্বশীলভাৱে গৃহ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগ সন্দৰ্ভত নিগমে নিৰ্মাণ কৰা গৃহটোৰ এন অ’ চি আৰু অনুমোদিত পৰিকল্পনাৰ প্ৰতিলিপি দাখিলৰ নিৰ্দেশ দিছে ভূপেন বৰাক। ইয়াৰ বাবে ভূপেন বৰাক তিনি দিনৰ সময় দিছে পৌৰ নিগমে। গুৱাহাটী পৌৰ নিগমে ভূপেন বৰালৈ দিয়া এই জাননীখনকলৈ ব্যাপক চৰ্চা হৈছে। লক্ষণীয় বিষয় যে ভূপেন বৰাই ৰাজ্যিক বিজেপিৰ অলপতে মুকলি হোৱা নতুন কাৰ্যালয়ৰ ভূমিখিনিক লৈ দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কেতবোৰ অভিযোগ উত্থাপন কৰিছিল। এই বিষয়টো চৰ্চাত থকা সময়তে ভূপেন বৰালৈ পৌৰ নিগমৰ জাননী অহা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
