গুৱাহাটী,১৩ অক্টোবৰঃ সম্পত্তি কৰকে ধৰি অন্যান্য কৰ বৃদ্ধিৰ চৰকাৰী সিদ্ধান্ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৱে বিক্ষোভ প্ৰদৰ্শন কৰে। আছু আহ্বান ক্ৰমে ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীতো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু গুৱাহাটী ছাত্র সন্থাই অসমৰ জনসাধাৰণৰ সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে জনসাধাৰণৰ ওপৰত সম্পত্তিৰ কৰকে ধৰি অন্যান্য কৰ জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁলোকে সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবী জনায়। আনহাতে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা চৰকাৰখনক প্ৰতিবাদকাৰীসকলে কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।