গুৱাহাটী,১৩ অক্টোবৰঃ বিগত কিছু দিন ধৰি ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি ‘লভিতা’ক বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ যে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কুম্ভীলক বৃত্তিৰ আশ্ৰয় লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত নাটক ‘লভিতা’ক আৱাহন থিয়েটাৰত মঞ্চস্থ কৰাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠন আৰু সমাজ সচেতন ব্যক্তিয়ে ইয়াৰ বিৰোধীতা কৰিছে। ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য আৰু আৱাহনৰ প্ৰযোজক অভিনেত্রী প্ৰস্তুতি পৰাশৰে নাটকখনৰ নাম সলনি কৰিব বুলি সদৰি কৰিছে। কিন্তু এই বিষয়টোক লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া। আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ এই কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সন্থাটোৱে। সন্থাটোৱে এক বিবৃত্তি যোগে কয় যে কেৱল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নহয় বৰং অসমীয়া জন-জীৱনৰ প্ৰতি গৰাকী পুৰুধা ব্যক্তিৰ সৃষ্টিৰ বিকৃতকৰণ কোনো পধ্যেই হ’বলৈ দিয়া নহ’ব। সন্থাই নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যক গৰিহনা দিয়াৰ লগতে অসমৰ জন-জীৱনৰ আদৰ্শবান মহাণ পুৰুষ সকলৰ লিখনি, সভ্যতা, সংস্কৃতিক লৈ বেপাৰ-বাণিজ্য কৰিব বিচৰাটো কেতিয়াও সমৰ্থন যোগ্য হ’ব নোৱাৰে বুলি সদৰি কৰে। যিকোনো ক্ষেত্ৰতে অসমীয়া জাতি আৰু সমাজ জীৱনৰ হ’কে যি সকল বৰেণ্য পুৰুষে অৱদান আগবঢ়াই গৈছে তেখেত সকল সদায় চিৰস্মৰণী হৈ ৰ’ব বুলি সন্থাই উল্লেখ কৰে।