গুৱাহাটী,১৪ অক্টোবৰঃ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে। নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু হৈছে। কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচনত অসমৰ ২৮০ গৰাকী প্রতিনিধিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব। দলীয় ভোটাৰৰ সমৰ্থন বিচাৰি ইতিমধ্যে ১০ অক্টোবৰত অসমলৈ আহি গৈছে সভাপতি পদৰ এগৰাকী প্ৰাৰ্থী মল্লিকার্জুন খাৰ্গে। এতিয়া আহিব আনগৰাকী প্ৰাৰ্থী শশী থাৰুৰ। কাইলৈ অৰ্থাৎ শনিবাৰে প্ৰচাৰৰ বাবে আহিব শশী থাৰুৰ। এই কথা জানিবলৈ দিয়ে প্রদেশ কংগ্ৰেছৰ মিডিয়া বিভাগে। মিডিয়া বিভাগে জনোৱা মতে ১৫ অক্টোবৰত শশী থাৰুৰ প্ৰচাৰৰ বাবে গুৱাহাটীলৈ আহিব। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ প্রার্থী, প্রাক্তন মন্ত্রী, সাংসদ শশী থাৰুৰ কাইলৈ বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ বিমান বন্দৰত অৱতৰণ কৰিব। ইয়াৰ পাছত সন্ধিয়া ৫.৩৫ বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্রতিনিধি সকলৰ সভাত অংশ গ্রহণ কৰিব আৰু সন্ধিয়া ৬.৩০ বজাত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিব। সন্ধিয়া ৭.৩০ বজাত তেওঁ প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধি সকলৰে বাৰ্তালাপ কৰিব আৰু নিশা ৮.৩০ বজাত কংগ্ৰেছৰ জ্যেষ্ঠ প্রতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হ’ব। উল্লেখ যে সভাপতি নিৰ্বাচনত অসমৰ ২৮৯ টা ভোট আছে যদিও কেইবাজনে দিব নোৱাৰিব। ইফালে সভাপতি নিৰ্বাচনৰ প্ৰচাৰত জড়িত হোৱা বাবে সাংসদ আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সকলো বিষয়বাব ইতিমধ্যে ত্যাগ কৰিছে। সাংসদ আব্দুল খালেক আৰু বিধায়ক ৰকিবুল হুছেইনে মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শশী থাৰুৰৰ হৈ প্ৰচাৰ চলাইছে। যাৰ ফলত দুটা ভাগত বিভক্ত হৈ পৰিছে অসমৰ প্ৰতিনিধিসকল। উল্লেখ যে ১৭ অক্টোবৰত পৰৱৰ্তী কংগ্ৰেছ সভাপতি বাছনিৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। অন্য ৰাজ্যৰ দৰে অসমতো ৰাজীৱ ভৱনত কংগ্ৰেছৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’ব। ইয়াৰ বাবে ১৬ অক্টোবৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰিটার্নিং বিষয়া। সাংসদ, বিধায়কৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৰে থাকিব ভোটাধিকাৰ। অৰ্থাৎ ব্লক কংগ্ৰেছ কমিটীৰ পৰা যাকেই প্রতিনিধি হিচাপে প্ৰেৰণ কৰা হৈছে সেইজনেই সভাপতি নির্বাচনত ভোটদান কৰিব পাৰিব।