শোণিতপুৰ, ১৪ অক্টোবৰ :অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ পৰা পোৱা এক নিৰ্দেশনাৰ ভিত্তিত শোণিতপুৰৰ জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনৰ ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰবাৰী অঞ্চলত চোৱাইন জ্বৰত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰি যাতে অধিক ভয়াবহ ৰূপ ল’ব নোৱাৰে আৰু জিলাখনৰ আন অঞ্চললৈ বিয়পিব নোৱাৰে তাৰ প্ৰতিৰোধ কল্পে কিছু নিষেধাজ্ঞা আৰোপ কৰিছে।এই সন্দৰ্ভত ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰবাৰীক সংক্ৰমিত অঞ্চলটোৰ কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰা হৈছে আৰু এই অঞ্চলৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ এটা অঞ্চল – পূবে মাজ-ৰৌমাৰী জোৰাদিয়া পথ, পশ্চিমে আমতল ভেৰগাঁও, উত্তৰে মাজ-ৰৌমাৰী বজাৰ আৰু দক্ষিণে নাহৰবাৰী কোচ গাঁও – সংক্ৰমিত অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে ।এই নিৰ্দেশ অনুসৰি, কোনো জীৱিত গাহৰি, গাহৰিৰ খাদ্য, গাহৰিৰ মাংস বা গাহৰিৰ মাংসৰ সামগ্ৰী সংক্ৰমিত অঞ্চলটোৰ ভিতৰলৈ বা ইয়াৰ পৰা উলিয়াই নিবলৈ অনুমতি দিয়া নহ’ব; কোনো সামগ্ৰী বা জীৱ-জন্তুৰ বাহনত সংক্ৰমিত অঞ্চলৰ পৰা কোনো জীৱ-জন্তু কঢ়িয়াই নিব নোৱাৰিব; ঘোষিত সংক্ৰমিত অঞ্চলৰ মাজেৰে পথ বা ৰেলপথেদি জীৱ-জন্তু (গাহৰি) কঢ়িয়াই নিয়াৰ বাবে পশু চিকিৎসা কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতি লব লাগিব; কোনো ব্যক্তিয়ে গাহৰিৰ খাদ্য বা বিচনাৰ সামগ্ৰী বা অন্যান্য সামগ্ৰী সৰবৰাহ কৰাত বাধা আৰোপ কৰা হৈছে ; আফ্ৰিকান ছোৱাইন ফিভাৰৰ দ্বাৰা আক্ৰান্ত বা আক্ৰান্ত বুলি সন্দেহ কৰা কোনো গাহৰিৰ সংস্পৰ্শলৈ অহা পশুৰ মৃতদেহ, ছাল বা অন্যান্য অংশ বা সামগ্ৰী কঢ়িয়াই নিয়াৰ অনুমতি নাই; কোনো ব্যক্তি, সংস্থা বা প্ৰতিষ্ঠানে কোনো পশু বজাৰ, পশু মেলা, পশু প্ৰদৰ্শনী অনুষ্ঠিত কৰিব নোৱাৰিব আৰু সংক্ৰমিত এলেকাৰ ভিতৰত গাহৰিৰ গোট বা সংগ্ৰহৰ সৈতে জড়িত কোনো কাৰ্য্যকলাপ চলাব নোৱাৰিব; কোনো ব্যক্তিয়ে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত বা সংক্ৰমিত হোৱাৰ সন্দেহ কৰা কোনো গাহৰি বজাৰ, মেলা, প্ৰদৰ্শনী বা অন্য মণ্ডলী বা কোনো ৰাজহুৱা স্থানলৈ আনিব নোৱাৰিব।তদুপৰি, যদি কোনো গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈছে বুলি নিশ্চিত হয় আৰু অঞ্চলটোৰ আন গাহৰিলৈ যাতে এই ৰোগ বিয়পিব নোৱাৰে সেই ক্ষেত্ৰত মুখ্য পশু চিকিৎসা বিষয়া বা যোগ্য বিষয়াই উক্ত পশুটোৰ ইউথেনেচিয়াৰ বাবে লিখিত নিৰ্দেশনা জাৰি কৰিব পাৰিব আৰু জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি মৃতদেহ নিষ্কাশন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিব পাৰিব ।এই নিৰ্দেশমতে গাহৰিৰ মৃতদেহ নদী বা অন্য কোনো জলপৃষ্ঠত পেলাব নোৱাৰিব আৰু দোষী সাব্যস্ত হোৱা কোনো ব্যক্তিক কাৰাদণ্ড বা জৰিমনা বা দুয়োটাৰে শাস্তি প্ৰদান কৰা হ’ব ।ইয়াৰ উপৰিও, সংক্ৰমিত অঞ্চলৰ আশে-পাশে থকা অঞ্চলসমূহত গাহৰিৰ জনসংখ্যাৰ ওপৰত নিবিড় নিৰীক্ষণ চলোৱাৰ উদ্দেশ্যে সংক্ৰমিত অঞ্চলটোৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত – পূবে চাপৈ চাহ বাগিছা, পশ্চিমে পাচনৈ, উত্তৰে হুগ্ৰাজুলি ৰেলৱে ষ্টেচন আৰু দক্ষিণে চিৰাজুলি -এই অঞ্চলটো নিৰীক্ষিত এলেকা হিচাপে চিনাক্ত কৰা হৈছে ৷ সংক্ৰমিত অঞ্চলৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো গাঁৱত নিৰীক্ষণ চলোৱা হ’ব আৰু এই অঞ্চলৰ অন্তৰ্গত বনাঞ্চলৰ কাষত থকা ঘৰুৱা গাহৰিৰ জনসংখ্যাৰ ওপৰতো নজৰ ৰখা হ’ব।ৰাজহুৱা শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত তৎকালিন ভাৱে জাৰি কৰা এই নিষেধাজ্ঞা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। কোনো লোকে এই আদেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।