মাৰ্ঘেৰিটা ১৪ অক্টোবৰঃতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং নলনি গাঁ‌ৱৰ মূল পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জলা-কলা খুৱাইছে স্থানীয় বহু কেইখন গাঁৱৰ ৰাইজক। বিজেপি নেতৃত্বাধীন চৰকাৰৰ গ্ৰাম্য উন্নয়নৰ ফুপুলা স্বৰূপ লাহে লাহে ওলাই পৰিবলৈ ধৰিছে।শত বছৰ গৰকা ২ নং নলনি গাঁওখনৰ ৰাইজে আজিও বোকা পানী পাৰহৈয়ে অহা – যোৱা কৰিব লগা হৈছে। কি কংগ্ৰেছ কি বিজেপিৰ কাৰোৱে চকু দিবলৈ যেন আহৰিয়েই নাই গাঁওখনলৈ ।কোনো এখন চৰকাৰেই পথ নিৰ্মাণৰ বাবে আগবাঢ়ি নাহিল।২ নং নলনি গাঁ‌ৱৰ পৰা পিঠাগুটি হৈ দুৱাৰমৰা-ডুমডুমা সংযোগী পথটোৰ প্ৰায় ৫ কিলোমিটাৰ পথৰ দুৰৱস্থাই যোগাযোগ ব্যৱস্থাত বাৰুকৈয়ে যমৰ-যাতনা খুৱাইছে অঞ্চলবাসীক । বিশেষকৈ উক্ত পথছোৱাইদি নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰসুতি, ৰোগী আদিক চিকিৎসালয়লৈ নিয়া ওপৰিও বেপাৰ- বাণিজ্য কৰাৰ লোকসকলেও সমস্যা সন্মূখীন হৈ আহিছে।কিন্তু এইসকল গ্ৰাম্যবাসী প্ৰতি যেন কোনো গুৰুত্বই নাই স্থানীয় তথকথিত জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে দুৱাৰমৰা গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিসকলৰ।নিৰ্বাচনৰ প্ৰাগ মুহুৰ্তত বিজেপিৰ দলৰ নেতা-পালি নেতাই নিৰ্বাচন হৈ যোৱা পিছতে নিৰ্মাণ কৰি দিয়াৰ আশ্বাস দিছিল যদিও পুনৰ নিৰ্বাচন আহি পাবৰ হ’ল যদিও বৰ্তমানলৈকে নিৰ্মাণ হৈ নুঠিল। ইয়াকে লৈ স্থানীয় ৰাইজ ক্ষোভত জাঙোৰ খাই উঠিছে।অতি শীৰ্ঘ্ৰে যদি উক্ত পথছোৱা নিৰ্মাণ কৰি নিদিয়ে তেন্তে আগন্তুক পঞ্চায়ত নিৰ্বাচনত গাঁওখনত বিজেপি দলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ভোট বৰ্জনৰো হুংকাৰ দিছে স্থানীয় লোকে।