গুৱাহাটী,১৫ অক্টোবৰঃ গুৱাহাটী মহানগৰীত অধিকাংশ লোকৰে যাতায়াতৰ মাধ্যম হৈছে চিটীবাছ সেৱা। সম্প্রতি গুৱাহাটী মহানগৰীত ছয় শতাধিক চিটীবাছ চলাচল কৰি আছে। শেহতীয়াকৈ পৰিবহণ বিভাগে অতি সংগোপনে চিটীবাছৰ ভাৰাবৃদ্ধিক বৈধতা প্ৰদান কৰিছে। বিগত ১৪ ছেপ্টেম্বৰত পৰিবহণ বিভাগে আৰ টি এ/কে/এফএআই/০২/২৭-পি-১১/১৯৭৮ নম্বৰৰ এক অধিসূচনাৰ জৰিয়তে ভাৰাবৃদ্ধিৰ অনুমতি প্রদান কৰিছে। ভাৰা বৃদ্ধিৰ পিছতে এইবাৰ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে শুকুৰবাৰে এক নির্দেশনা যোগে ১ নৱেম্বৰৰ পৰা চিটীবাছত ই-টিকটিঙৰ ব্যৱস্থা বাধ্যতামূলক কৰিছে। পৰিবহণ বিভাগে এক নির্দেশনাযোগে মহানগৰীত চলাচল কৰা চিটীবাছসমূহত ৩১ অক্টোবৰৰ ভিতৰত ই-টিকটিঙৰ ব্যৱস্থা কৰিবলৈ সময়সীমা বান্ধি দিছে। এই নিৰ্ধাৰিত
সময়ৰ ভিতৰত ই-টিকটিঙৰ ব্যৱস্থা নকৰা চিটীবাছসমূহ পহিলা নৱেম্বৰৰ পৰা মহানগৰীত চলাচল কৰিব নোৱাৰিব। ইতিমধ্যে মহানগৰ জিলা পৰিবহণ বিভাগে পাইলট প্রজেক্ট হিচাপে চিটীবাছত ই-টিকটৰ ব্যৱস্থাৰ পৰীক্ষামূলকভাৱে কাম-কাজ আৰম্ভ কৰিছে। এই পাইলট প্রজেক্টৰ অধীনত একাংশ চিটীবাছত ই-টিকটৰ ব্যৱস্থা কৰা হৈছে। মহানগৰ জিলা পৰিবহণ বিভাগৰ এক শীর্ষ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি আজিৰ তাৰিখলৈকে তিনি শতাধিক চিটীবাছত ই-টিকটৰ ব্যৱস্থা কৰা হৈছে। এতিয়াও শতাধিক চিটীবাছৰ মালিকে ই-টিকটৰ ব্যৱস্থা কৰাৰ বাবে আগবাঢ়ি অহা নাই। সেয়েহে অহা ৩১বঅক্টোবৰৰ ভিতৰত চিটীবাছৰ মালিকসকলক ই-টিকটৰ ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ মহানগৰ জিলাবপৰিবহণ বিভাগে আহ্বান জনাইছে। অন্যথা পহিলা নৱেম্বৰৰ পৰা ই-টিকটৰ ব্যৱস্থা নথকা চিটীবাছক মহানগৰীত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যেতিয়ালৈকে ই-টিকটৰ ব্যৱস্থা চিটীবাছত উপলব্ধ নহ’ব, তেতিয়ালৈকে মহানগৰীৰ ৰাজপথত চিটীবাছসমূহ চলাচল কৰিব নোৱাৰিব। লক্ষণীয় যে মহানগৰীত সুচল যাতায়াত ব্যৱস্থা ৰাইজক প্রদান কৰিবলৈ বিভিন্ন সময়ত পৰিবহণ বিভাগে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিন্তু চমক সৃষ্টিৰ বাবে লোৱা এই পদক্ষেপ মাত্ৰ কেইদিনমানৰ পাছতেবঅচল মুদ্ৰাত পৰিণত হোৱা দেখা গৈছে। সেয়েহে পৰিবহণ বিভাগে পহিলা নৱেম্বৰৰ পৰা ই-টিকটৰ ব্যৱস্থা নথকা চিটীবাছৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যদিও কার্যক্ষেত্ৰত সেয়া কিমান ফলপ্রসূ হ’ব সেয়া সময়েহে ক’ব।