গুৱাহাটী,১৫ অক্টোবৰঃ অসম আৰক্ষীৰ নিলম্বিত উপ মহা পৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ জামিন লাভ। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে হাজৰিকাৰ। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত কাৰাবন্দী হৈ আছিল ৰৌণক আলী হাজৰিকা। ১০ লাখ টকা আমানতৰ ধনৰ বিনিময়ত জামিন লাভ। তদন্তকাৰী আৰক্ষীক পাছপ’ৰ্ট জমা দিয়াৰ নিৰ্দেশ আদালতৰ। উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ৰৌণক আলীক নিলম্বন কৰিছিল। ইয়াৰ পাছত আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে বিগত বৰ্ষৰ ৫ অক্টোবৰত ৰৌণক আলী হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল।