জামুগুৰিহাট, ১৫অক্টোবৰঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বন্যহস্তী মানুহৰ সংঘাট অব্যাহত আছে । কালি নিশা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা বন্য হস্তীৰ জাকে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মঙলবৰীয়া কৰৈটাপুৰ ১০ নং ৱাৰ্ডত উপদ্ৰৱ চলাই মানুহৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে কুৱাঁ আদি ভাঙি পেলাই । বন্য হস্তীৰ আক্ৰমণত গাঁওখনৰ জগু মুণ্ডা(৪০ )আৰু যোচেফ হেমৰম(৪৫) নামৰ লোক দুজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় । আহত দুয়োজনক স্থানীয় ৰাইজে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ আনে যদিও গুৰুত্বৰ ভাবে আহত দুয়োৰে অৱস্থা শংকটজনক দেখি চিকিৎসকে ততা তয়াকৈ উন্নত চিকিৎসাৰ বাবে দুয়োকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।উল্লেখ্য যে জামুগুৰিহাটৰ উত্তৰাঞ্চলত বিগত ডেৰটা দশক ধৰি বনৰীয়া হাতী আৰু মানুহৰ সংঘাট অব্যাহত আছে ।বনৰীয়া হাতী প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগ সম্পুৰ্ন ব্যৰ্থ হোৱা বুলি ভূক্তভোগী ৰাইজে অভিযোগ কৰিছে৷