মাৰ্ঘেৰিটা, ১৫ অক্টোবৰঃউজনি অসমৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন । আজি ভোটগ্ৰহণৰ পাছত হোৱা ভোটগণনাত আছু আৰু আগছুৰ প্ৰাৰ্থীয়ে লাভ কৰে সাফল্য ।মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পদত আগছু প্ৰাৰ্থী আশীক ছেত্ৰীয়ে নিকটতম আছু প্ৰাৰ্থী জাগৃতি শৰ্মাক মাত্ৰ ৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । সাধাৰণ সম্পাদক পদত আছু প্ৰাৰ্থী শান্তনু হাজৰিকাই প্ৰায় ৩০০ ৰো অধিক ভোটৰ ব্যৱধানত নিকটতম আগছু প্ৰাৰ্থী প্ৰেম ভূজেলক পৰাভূত কৰে । এই নিৰ্বাচনত আছুৱে ৫ টা আগছুৱে তিনিটা ছাত্ৰ মুক্তিয়ে ২ টা আৰু হেল্পীং হেণ্ড নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ ২ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । বিজয়ী প্ৰাৰ্থীসকলকলৈ লৈ আছু আৰু আগছুৱে পৃথকে পৃথকে শোভাযাত্ৰা উলিয়ায় । এই নিৰ্বাচনত আছু আগছুৰ উপৰিও এবিভিপি আৰু ছাত্ৰ মুক্তিয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল ।কিন্তু উপ সভাপতিসহ দুটা পদ ছাত্ৰ মুক্তিয়ে লাভ কৰাৰ বিপৰীতে বেয়াকৈ মুখ ঠেকেছা খাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থী ।