চাপৰ ১৭অক্টোবৰঃধুবুৰী জিলাৰ চাপৰ শালকোচা শিক্ষা খণ্ডৰ অন্তৰ্গত শিক্ষাখণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সভা। সভাত উপস্থিত থাকে ধুবুৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক। পৰিদৰ্শক গৰাকীয়ে শিক্ষক-শিক্ষয়িত্ৰীক বিদ্যানজলী সম্পৰ্কে আলোকপাত কৰাৰ উপৰি ৰাইজ তথা প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ পৰা বিদ্যালয়ৰ আন্ত: গাঁথনিৰ উন্নয়ন কৰাৰ স্বাৰ্থত বিভিন্ন সা-সামগ্ৰী সংগ্ৰহ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে চাপৰ শালকোচা শিক্ষা খণ্ডৰ ২০ টা ক্লাষ্টাৰত ১৫০ খনতকৈ অধিক বৈদ্যুতিক ফেনৰ লগতে বিভিন্ন লাগতীয়াল সামগ্ৰী সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। চৰকাৰী বিদ্যালয়ৰৰ সৈতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক এয়া হেনো সংযোগ কৰাৰ এক অভিলাসী আঁচনি বুলি অভিহিত কৰে পৰিদৰ্শক গৰাকীয়ে।