বিজনী, ১৭ অক্টোবৰঃসমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩ নং বিষ্ণুপুৰ বজাৰত অন লাইন যোগে মুকলি অনুষ্ঠানত বিষ্ণুপুৰ ভিচিডিচিৰ লগতে বিভিন্ন ভিচিডিচিৰ কৃষক সকলক লৈ অংশ গ্ৰহণ কৰে বিজনী মহকুমা কৃষি বিষয়াই ।তদুপলক্ষে বিষ্ণুপুৰ বজাৰস্থিত RR ৰীতা বীজ ভাণ্ডাৰ ডিলাৰৰ সমীপত এখন সভা অনুষ্ঠিত হয়। এই সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধান মন্ত্ৰী নিধি আচঁনিৰ ১২ নম্বৰ প্ৰিমিয়াম আনুষ্ঠানিকভাৱে মুকলি কৰি প্ৰদান কৰা ভাষণ কৃষক ৰাইজৰ বাবে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। এই সভাত বিজনী মহকুমা কৃষি বিষয়ামনীন্দ্ৰ ব্ৰক্ষ্ম , মহকুমা কৃষি বিষয়া মানসী বৰুৱা ,এ ,ডি,ও উলুবাৰী চক্ৰ , সমাজকৰ্মীসুকুমাৰ ৰায়ে,RR ৰীতা বীজ ভাণ্ডাৰৰ সত্বাধিকাৰী *ৰূপচাণ্ড মণ্ডল ,CSC ৰ ভি.এল.ই( VLE )সকলেঅংশগ্ৰহণ কৰে।
