গুৱাহাটী,১৮ অক্টোবৰঃ পূৰ্বৰ দৰে এইবাৰো পুনৰ দীপাৱলীক কেন্দ্ৰ কৰি জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা। কিন্তু প্ৰত্যেকবাৰেই এই নিৰ্দেশনাসমূহ বাস্তৱত কাৰ্যকৰী হোৱা পৰিলক্ষিত নহয়। এইবাৰো দীপাৱলীৰ সময়ত আতচবাজিৰ ব্যৱহাৰৰ ক্ষেত্রত প্রশাসনে কেতবোৰ নীতি-নিৰ্দেশনা বান্ধি দিছে। উল্লেখ্য যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকা ফুটোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ কঠোৰ নিৰ্দেশনা। ২০০৫ চনতে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক নির্দেশনাৰ ভিত্তিত পৰিষদে জাৰি কৰিছে এই নীতি-নির্দেশনা। সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বিকট শব্দ কৰি ফুটা ফটকা ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শব্দ প্ৰদূষণ সৃষ্টি নকৰা ফটকাহে ব্যৱহাৰ কৰিব পাৰিব ৰাইজে। ১২৫ ডেচিবলতকৈ বেছি শব্দৰ সৃষ্টি কৰা ফটকা প্রস্তুত আৰু বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। দীপাৱলীৰ পূৰ্বে আৰু দীপাৱলীৰ সময়ছোৱাত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বায়ুৰ গুণগত মান আৰু শব্দ প্ৰদূষণৰ মাত্ৰা জৰীপ কৰিব। গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, শিৱসাগৰ, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱত বায়ুৰ মান জৰীপ কৰাৰ উপৰি গুৱাহাটী মহানগৰীত বায়ুৰ মান ১৫ দিন ধৰি নিৰীক্ষণ কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। দেৱালীৰ পূৰ্বৰ ৭ দিন আৰু পিছৰ ৭ দিন গুৱাহাটীৰ বায়ুৰ মান নিৰীক্ষণ কৰিব পৰিষদে। আনকি ফটকাৰ গুদাম সমূহতো তালাচী চলাব পৰিষদৰ বিষয়া-কৰ্মচাৰীয়ে। যাতে শব্দ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব পৰা ফটকা বিক্ৰী উৎসতে বন্ধ কৰিব পাৰে।
পৰিষদৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এজন দণ্ডাধীশ পৰ্যায়ৰ বিষয়াও
যাব। জিলা উপায়ুক্তসকলে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। উল্লেখ্য যে পৰিষদে গুৱাহাটী, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি নগাঁও, মৰিগাঁও, হোজাই, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, তেজপুৰ, উত্তৰ লখিমপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা, আৰু বঙাইগাঁৱৰ শব্দ প্ৰদূষণৰ মাত্ৰা ২৪ আৰু ২৫ অক্টোবৰত পৰীক্ষা কৰিব। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সেউজ ফটকা ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে। উল্লেখ যে ২০১৯ চনৰ পিছৰ পৰা পর্যায়ক্রমে সেউজ ফটকা ব্যৱহাৰ আৰম্ভ হৈছে। সেউজ ফটকাত বেৰিয়াম নাইট্রেট নামৰ ক্ষতিকাৰক ৰাসায়নিক নাথাকে। উল্লেখ্য যে ২০১৪ চনত উচ্চতম ন্যায়ালয়ে দেশবাসীৰ স্বাস্থ্য আৰু বায়ু প্ৰদূষণৰ
প্ৰতি লক্ষ্য ৰাখি সেউজ ফটকা প্রস্তুতৰ নিৰ্দেশ দিয়ে। সেউজ ফটকা ফুটালে ইয়াৰ পৰা তুলনামূলকভাৱে কমকৈ কার্বন নির্গমন হয়। প্রচলিত ফটকাত সাধাৰণতে এলুমিনিয়াম, বেৰিয়াম, পটাছিয়াম, নাইট্রেট বা কার্বন অধিক পৰিমাণে ব্যৱহাৰ হয়। এইসমূহ প্রাকৃতিৰ বাবে যথেষ্ট ক্ষতিকাৰক। কিন্তু সেউজ ফটকাত এইসমূহ ক্ষতিকাৰক ৰাসায়নিক সামগ্রী ব্যৱহাৰ নহয়। লক্ষণীয় বিষয় যে নিষেধাজ্ঞা তথা নিৰ্দেশনা থকাৰ পাছতো এনে আতচবাজীৰ অবাধে ব্যৱহাৰ হৈ আহিছে।
