শিৱসাগৰ,১৭ অক্টোবৰঃ* হাতত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যখনত অসমৰ বাপতি সাহোন কাতি বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। শৰতৰ আগমনে ৰাজ্যখনত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিভিন্নধৰণৰ পৰম্পৰাগত উৎসৱত জড়িত হৈ উখল-মাখল পৰিবেশত বিলীন হৈ গৈছে।ঠিক এনে এক প্ৰাণোৎজ্জ্বল পৰিবেশৰ মাজতে আকৌ আহিল অসমীয়াৰ অতি হেঁপাহৰ উৎসৱ কাতি বা কঙালী বিহু। দুৰ্গোৎসৱৰ ৰং-ৰহইচৰ মাজত সকলো উটি-ভাহি থকাৰ মাজতে সন্তৰ্পনে অহা এই বিহুটিক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াৰ মাজত চৰম ব্যস্ততা।কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে বিহুটিক পাতিবলৈ যেন সকলো সাজু হৈ উঠিছে। চহা জীৱনৰ লগত কাতি বিহুৰ আছে এক নিবিড় সম্পৰ্ক।গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সঁজাল ধৰা ধানৰ সোণালী আভা। কৃষকসকলৰ সমানে সমানে বিহুটিক আদৰিবলৈ পিছ পৰি থকা নাই গাঁৱৰ জীৱৰী-বোৱাৰী সকলো। তেওঁলোকে আগচোতালত ৰুৱা তুলসীৰ তল চাফ-চিকুন কৰি বোকা-পানীৰে মচি সজাই-পৰাই তুলিছে।পৰম্পৰা অনুসৰি সেইদিনা প্ৰতিজন অসমীয়াৰ আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতিপথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ লগতে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে জ্বলাব আকাশ বন্তি। তদুপৰি এই বিহুৰ আন এক আনুষংগিক পৰম্পৰা অনুসৰি গঞাই থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা শস্য ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পোতাৰ বিপৰীতে জাকে জাকে যুৱক-যুৱতী আৰু মহিলাসকলে পথাৰলৈ গৈ হাঁহি-তামাচাৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিলৈ দলিঙাই দি আনন্দত আত্মহাৰা হৈ পৰিব। ইফালে, কণ কণ ল’ৰা-ছোৱালীয়ে তুলসীৰ তলত নাম গোৱাটো আন এক পৰম্পৰা। মুঠৰ ওপৰত এতিয়া দুৰ্গাপূজাৰ পাৰভগা উৎসাহ-উদ্দীপনাৰ শেষ হওঁতে প্ৰতিজন অসমীয়া প্ৰস্তুত হৈছে প্ৰাণৰ উৎসৱ কাতি বিহু উদযাযন কৰিবলৈ উখল-মাখল পৰিবেশৰ সূচনা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাবাসীয়ে হেঁপাহৰ কাতি বিহু আদৰিবলৈ প্ৰস্তুতি তুংগত। জিলাখনৰ নগৰৰ লগতে প্ৰত্যেখ গাঁৱসমূহত জীয়ৰী-বোৱাৰী ব্যস্ত হৈ পৰিছে ঢেঁকিশালত।তদুপৰি প্ৰতিটো পৰিয়ালতে ঘৰৰ চৌপাশ পৰিস্কাৰ পৰিচ্ছতাৰ কৰাৰ লগতে আটকধুনীয়াকৈ ঘৰ সমূহ সজোৱাক লৈ ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰীসকল।