নিউজ ডেক্স,১৯ অক্টোবৰঃ অৱশেষত কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি। সুদীৰ্ঘ ২৪ বছৰ পাছত গান্ধী পৰিয়ালৰ বিপৰীতে অন্য নেতাই লাভ কৰিলে কংগ্ৰেছ দলৰ নেতৃত্ব। আজি অনুষ্ঠিত হোৱা কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোটগননাৰ অন্তত জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই ৭৮৯৭ টা ভোট লাভ কৰি জয়ী হয়। ইয়াৰ বিপৰীতে শশী থাৰুৰে লাভ কৰিলে ১০৭২ টা ভোট। আনহাতে ৪১৬ টা ভোট নাকচ কৰা হৈছে। ৬৮২৫ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত হ’ল শশী থাৰুৰ। ফলাফল ঘোষণাৰ পিছতে শশী থাৰুৰে মল্লিকাৰ্জুন খাৰ্গেক অভিনন্দন জনোৱাৰ লগতে তেওঁক যিসকলে সমৰ্থন কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। এই নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ লগে লগে মল্লিকাৰ্জুন খাৰ্গে হ’ল কংগ্ৰেছৰ ৬৫ সংখ্যক সভাপতি। কংগ্ৰেছ সভাপতি হোৱা দ্বিতীয়জন দলিত নেতা হিচাপে পৰিগণিত হ’ল খাৰ্গে।