ৰঙিয়া,১৯ অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ অবৈধ সৰবৰাহ। অসম আৰক্ষীৰ বাৰ্মিজ চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ ভূমিকাৰ পিছতো একাংশ অসাধু চক্ৰই চলাই গৈছে বাৰ্মিজ চুপাৰীৰ অবৈধ ব্যৱসায়। আজি দুপৰীয়া বিজনী আৰক্ষীৰ অভিযানত বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাস্থিত টোল প্লাজাত বাৰ্মিজ চুপাৰীভৰ্তি ট্ৰাক সহ এজনক আটক কৰিবলৈ সক্ষম হয়। চিৰাং আৰক্ষীৰ এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত বিশেষ তালাচিত ৮৯ বস্তা সন্দেজনক বাৰ্মীছ চুপাৰী, ১১০ বস্তা চাও গুটি কঢ়িয়াই লৈ অহা HR 38AD 6148 নম্বৰৰ এখন ট্ৰাকসহ ধৰম কুমাৰ নামৰ এজনক আটক কৰিবলৈ সক্ষম হয়। চুপাৰী সমূহ বৰপেটা ৰোডৰ পৰা উত্তৰ প্ৰদেশৰ কাণপুৰ অভিমুখে গৈ থকা অৱস্থাত চিৰাং আৰক্ষীয়ে জব্দ কৰে। জব্দকৃত বাৰ্মিছ চুপাৰীখিনিৰ ওজন ৩৬৯০ কিলোগ্ৰাম আৰু চাও গুটি সমূহৰ ওজন ৫৩০০ কিলোগ্ৰাম বুলি আৰক্ষীয়ে জানিব দিয়ে। আটকাধিন ধৰম কুমাৰ ঘৰ ফৰিদাবাদত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।