তিনিচুকীয়া, ২১ অক্টোবৰঃতিনিচুকীয়া জিলাৰ ডিগবৈ বৰজান মায়া বজাৰ সমীপত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ কানি।প্ৰাপ্ত খৱৰ মতে ডিমাপুৰৰ পৰা আনিছিল কানিখিনি।ডিগবৈ,পেঙেৰী,ভাদৈ চাৰিআলিত কানি বেপাৰীক যোগান ধৰে কানি।মাৰ্ঘেৰিটা SDPO হেমন্ত বড়ো,DSP পাৰ্থ দুৱৰা আৰু বৰদুমচা থানাৰ OC নিতু চাংমাইৰ নেতৃত্বত চলিছিল অভিযান।বৃহৎ পৰিমানৰ কানিখিনিৰ দিল কৰি থকাৰ অৱস্থাত আৰক্ষীৰ অভিযান চলে ।অভিযান কালত এখন ইকো গাড়ী পলায়ন কৰে।কানি মাফিয়া কেইতাৰ নাম গনেশ ছেত্ৰী, পেঙেৰী (মগং পথাৰ পেঙেৰী) হেমন্ত ছেত্ৰী ( পেঙেৰী মগং পথাৰ),কমল ছেত্ৰী (উষাপুৰ ভাদৈপাঁচআলি)।