শিৱসাগৰ,২১ অক্টোবৰঃ যিসময়ত অসম চৰকাৰে গো-সুৰক্ষা আইন প্ৰণয়ন কৰি অবৈধ গৰু সৰবৰাহত বাধা আৰোপ কৰিছে তেনে সময়ত একাংশ গৰু সৰবৰাহ চোৰাং চক্ৰই নিতৌ ন ন কৌশলৰে আৰক্ষী চকুত ধূলি মাৰি গো-সুৰক্ষা আইনক ভেঙুচালি কৰি অবৈধভাৱে গৰু নগালেণ্ডলৈ প্ৰেৰণ কৰি আহিছে। পুৱতি নিশা আমগুৰি আৰক্ষী এক সফল অভিযানত চিন্তামনি গড়ৰ ভাইজান, গাড়ী চালক চাৰিঙৰ দুলীয়া আৰু এজন হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি চিন্তামনি গড়ৰ ভাইজান আৰু অকণিয়ে আৰক্ষীক মেনেজ কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে ইতিমধ্যে ৯৩/২০২২ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে। প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে এক গোপন খবৰ ভিত্তিত গৌৰীসাগৰৰ পৰা তিনিটা গৰু কঢ়িয়াই অনা AS 04 BC 6579 নম্বৰৰ গাড়ীখন আমগুৰি দিশে আহি থকা অৱস্থাত জব্দ কৰে। উক্ত গৰু গাড়ী খনত দেৱদত্ত আৰু ৰক্তিম নামৰ দুজন ব্যক্তিসহ তিনিটাকৈ গৰু জব্দ কৰে। তিনি উল্লেখযোগ্য যে গৰু সৰবৰাহ চলাই থকা চক্ৰ সমূহে বহিঃৰাজ্যলৈ আৰক্ষীৰ চকুত ধূলি দিবলৈ ন-ন কৌশল অৱলম্বন কৰা সমগ্ৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। তথ্য অনুসৰি অবৈধ গৰু চোৰাং সৰবৰাহকাৰী সকলে গো-সুৰক্ষা আইনৰ প্ৰতিটো দফা নস্যাৎ কৰি দীৰ্ঘদিন ধৰি মাজুলী, লক্ষিমপুৰ, ঢকুৱাখানা পৰা টেকেলীফুট পাৰাঘাটেৰে শ শ পশুধন সৰবৰাহ কৰি জিলাখনৰ কুখ্যাত গৰু চোৰাং বেপাৰী ঘৰলৈ আনি বলেৰ’ পিক বাহনৰ জৰিয়তে হালোৱাটিঙৰ পৰা একাংশ আৰক্ষী সহযোগত নিশাই নগালেণ্ডলৈ চোৰাং গৰু সৰবৰাহ কৰি আহিছে। ইতিমধ্যে জিলাখনৰ সৎ আৰক্ষী বিষয়াসকলে চোৰাং গৰু গাড়ী ভৰ্তি গৰু জব্দ কৰাৰ লগতে কেইবাজনো চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিছে যদিও চোৰাং গৰু সৰবৰাহ কৰা মূল মাষ্টাৰ মাইণ্ড কেতিয়া অদ্যাপি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।