ৰঙিয়া ২৪ অক্টোবৰ :ৰঙিয়াত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । জীৱ শ্ৰেষ্ঠ মানুহে কৰিলে অমানৱীয় কাণ্ড । বৰলীয়া নৈৰ দলঙৰ তলত কোনো অচিনাকি লোকে পেলাই থৈ গ’ল এটি সদ্যজাত শিশু । ৰাতিপুৱাৰ ভাগত প্ৰাত:ভ্ৰমণলৈ যোৱা ব্যক্তিয়ে সদ্যোজাত মৃত শিশু এটি এখন প্লাষ্টিকৰ ওপৰত পৰি থকা এনেদৰে প্ৰত্যক্ষ কৰে । লগে লগে ঘটনা সন্ধৰ্ভত অঞ্চলটোত অবগত হোৱাত এক চাঞ্চল্যৰ সৃষ্টি হয় । অগণন কৌতুহলী ৰাইজ সদ্যোজাত শিশুটিক চাবলৈ উপস্থিত হোৱাৰ পিছত ৰঙিয়া আৰক্ষীক বিষয়টোৰ সন্ধৰ্ভত অবগত কৰা হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিক মৰোনোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে । ইফালে ধাৰণা কৰামতে কোনো ব্যক্তিয়ে অব্যধ পিতৃ – মাতৃৰ বোজাৰ পৰা ৰক্ষা পাবৰ বাবে এনেদৰে সদ্যজাত শিশুটি গাড়ীৰে আনি দলঙৰ ওপৰৰ পৰা প্লাষ্টিকৰে মেৰিয়াই পেলাই থৈ গৈছিল । ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰলীয়া নৈৰ ওপৰত থকা দুয়োখন দলঙৰ মাজভাগত পানীত পৰাকৈ পেলাই দিছিল শিশুটি । কিন্তু সদ্যজাত শিশুটি পানীত নপৰি নদীৰ পাৰত এনেদৰে পৰাত ৰাইজে প্ৰত্যক্ষ কৰে ।