বিলাসীপাৰা, ২৪ অক্টোবৰঃবিলাসীপাৰা মহকুমাক জিলালৈ উন্নীতকৰণ চাপৰ নায়েৰ আলগা আৰু সাপটগ্ৰাম মহকুমা গঠন কৰাৰ দাবীত বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত এক গণ অভিৱৰ্তন অনুষ্ঠিত হয়। দাবী সমিতিৰ মূখ্য আহ্বায়ক দয়াল পালে সভাপতিত্ব কৰা অভিৱৰ্তন খনত বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ বিধায়কদ্বয়ৰ লগতে প্ৰাক্তন বিধায়ক দ্বয় অশোক কুমাৰ সিংহী আৰু আলী আকবৰ মিঞা , বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু মহকুমা খনৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা আনুমানিক পাঁচ শতাধিক সচেতন ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। সভাত ভাষণ প্ৰদান কৰা প্ৰতিজন বক্তাই প্ৰকাশ কৰে যে এখন জিলা গঠিত হ’বলৈ মাটিকালিকে ধৰি যিবোৰ অৰ্হতাৰ দৰকাৰ প্ৰতিটোৱে মহকুমা খনত বিদ্যামান। ইয়াৰ মাজতে কেইবাখনো মহকুমাক জিলালৈ উন্নীতকৰণ কৰা হল যদিও ২০১৩ চনৰ পৰা বিলাসীপাৰা মহকুমা খনক জিলালৈ উন্নীতকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰি থকা সত্ত্বেও কিয় আজিলৈ জিলাৰ মৰ্য্যাদা দিয়া নহয় এয়া এক দু:খৰ বিষয় । অনতি পলমে যাতে বিলাসীপাৰা মহকুমাখনক জিলালৈ উন্নীতকৰণ কৰা হয় তাৰ বাবে চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনায় মহকুমাবাসী ৰাইজে ।