প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ অক্টোবৰঃ ১৯৪৭ চনত জন্ম গ্ৰহণ কৰা অসমীয়া চলচিত্ৰ আৰু মঞ্চ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰিছে। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ দাস আৰু প্ৰাক্তন সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা শোক বাৰ্তাত গোস্বামীৰ মৃত্যুৱে অসমীয়া কথা ছবি আৰু মঞ্চ জগতৰ এক অপুৰণিয় ক্ষতি আনিলে বুলি অভিহিত কৰিছে। অসম নাট্য সন্মিলনে অসমৰ বিভিন্ন স্তৰৰ শিল্পী, অভিনেতা আৰু কলাকুশলী সকলে যাতে চিকিৎসাৰ খৰছকে ধৰি অন্যান্য সমস্যাৰ সন্মুখীন হলে আৰ্থিক সংকট ভুগিব লগীয়া নহয় তাৰ বাবে এক শিল্পী সাহায্য পুঁজি গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে।