গুৱাহাটী,২৭ অক্টোবৰঃ অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ স্বৰূপ নিপন গোস্বামী আৰু নাই। আজি পুৱা ৯.১৫ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত বিশিষ্ট অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ যে হৃদজনিত ৰোগত অসুস্থ হোৱাত দেওবাৰে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক। কিন্তু অৱশেষত আজি তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে। অসমৰ সাংস্কৃতিক ক্ষেত্রখনত এক শূণ্যতাৰ সৃষ্টি কৰি তেওঁ ঘূৰি নহাৰ বাটেৰে গুচি গ’ল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ চন্দ্ৰধৰ গোস্বামী আৰু মাতৃ নিৰুপমা গোস্বামী। কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলা নিপন গোস্বামীয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। সাংস্কৃতিক পৰিবেশ এটা নিপন গোস্বামীয়ে ঘৰতেই পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেওঁলোকৰ চুবুৰীয়া। বান ৰঙ্গমঞ্চত নিয়মিতভাৱে চলি থকা নাটক চায়েই তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল। স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল। ৮-৯ বছৰ বয়সত তেওঁ প্ৰথমে ‘লাচিত বৰফুকন’ নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। হাইস্কুলত পঢ়া কালতো নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। স্নাতক বৰ্ষৰ চূড়ান্ত পৰীক্ষা দিয়াৰ পাছত তেওঁ কলকাতালৈ গৈ পুনেৰ ভাৰতীয় চলচ্চিত্র আৰু দূৰদৰ্শন প্ৰতিষ্ঠান নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিছিল। ১৯৬৫ চনত তেওঁ পুনলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। সুভাষ ঘাই, শত্ৰুঘ্ন সিনহা, নবীন নিশ্চল, জালান আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেওঁৰ সহপাঠী আছিল। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু ডেনী আৰু জয়া ভাদুৰী আছিল কনিষ্ঠ। দুইবছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰে। পুনে ফিল্ম ইনষ্টিটিউটৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে। নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’। ‘সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেওঁ ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেওঁ শতাধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰে পৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়। নিপন গোস্বামীয়ে মঞ্চহে বেছিকৈ ভাল পায়। সেয়ে তেখেতে চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছিল। তেখেতে ‘ভ্ৰাম্যমাণ থিয়েটাৰ’টো অভিনয় কৰিছিল। নিপন গোস্বামীয়ে বিভিন্ন সময়ত কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল। নিপন গোস্বামীয়ে অভিনয়ৰ লগতে নাটক পৰিচালনাও কৰিছিল। এমেচাৰ আৰু ভ্ৰাম্যমাণ দুয়োবিধ নাটকেই নিপন গোস্বামীয়ে পৰিচালনা কৰিছিল। টেলিফিল্মো পৰিচালনা কৰিছিল তেওঁ। এটা ‘অনুষ্ঠান’ স্বৰূপ হৈ পৰা নিপন গোস্বামীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। শুকুৰবাৰে ৰাজ্যিক মৰ্য্যাদাৰে তেওঁৰ শেষকৃত সম্পন্ন কৰা হ’ব।