বঙাইগাঁও ৩১ অক্টোবৰঃ– বঙাইগাঁও বিধানসভা সমষ্টিৰ ৪০ নং বুথত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ জনপ্ৰিয় অনুষ্ঠান “মন কী বাত” ত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানত সৌৰশক্তিৰে বিজুলী উৎপাদন কৰি লাভান্বিত হোৱা গাঁওসমূহৰ কথা উল্লেখ কৰাৰ লগতে এই “সৌৰশক্তি প্ৰকল্প” ক সমগ্ৰ দেশজুৰি জনজাগৰণ সৃষ্টি কৰিবলৈ দেশবাসীক আহ্বান জনায় ৷ ইয়াৰোপৰি, পূৰ্বৰ দৰেই দেশত হোৱা নৱ বিকাশ আৰু বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তি অথবা প্ৰতিষ্ঠানৰ অসাধাৰণ সাফল্যৰ বিষয়ে আলোকপাত কৰি ৰাইজক উদ্বুদ্ধ কৰে ৷এই অনুষ্ঠানত কেবিনেট মন্ত্ৰীৰ সৈতে বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী, মন কী বাতৰ বঙাইগাঁও জিলা আহ্বায়ক বাপন শীল, বঙাইগাওঁ চহৰৰ সকলো উন্নয়ন বৰ্ডৰ অধক্ষ্য তথা বঙাইগাঁও জিলা প্ৰাক্তন সভাপতি গোপেশ্বৰ তালুকদাৰ আৰু বঙাইগাঁও পৌৰসভাৰ অধক্ষ্য সুবত দাস, লগতে বিভিন্ন বিষয়ববীয়া আৰু কাৰ্যকৰ্তা উপস্থিত থাকে ৷