নিউজ ডেক্স,৩১ অক্টোবৰঃ গুজৰাটৰ শোকাৱহ ঘটনাৰ আজি পৰ্যন্ত মৃতদেহ উদ্ধাৰ হৈ আছে। ১৪১ লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ কথা আছে। ঘটনা ইমানেই শোকাৱহ আছিল যে দেওবাৰৰ ৩১ গৰাকী মৃতকৰ পৰা আজি ১৪১ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা। এই সংখ্যা পাছলৈ আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। চৰকাৰী পৰিসংখ্যা অনুসৰি গুজৰাটৰ মৰবি দলং দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে ৭৮ গৰাকী জ্যেষ্ঠ লোক আৰু ৫৬ টি শিশু। সন্ধিয়া ৬.৩০ মান বজাত এই দুৰ্ঘটনা সংঘটিত হৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ ৫ টা দিন পূৰ্বে এই দলং খন দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছিল। বিগত ৭ মাহ ধৰি বন্ধ হৈ আছিল দলং খন। ১৪০ বছৰতকৈয়ো পুৰণি এই দলং খন ৭ মাহ পূৰ্বে মেৰামতি কৰাৰ নামতেই বন্ধ কৰি দিয়া হৈছিল। মেৰামতিৰ পাছত দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ ৫ দিম পূৰ্বেহে খুলি দিয়া হৈছিল। যাৰ বাবে এতিয়া দলং খনৰ মেৰামতি আৰু তত্বাবধানতাৰ দায়িত্বত থকা কোম্পানীক প্ৰশ্ন কিয় মেৰামতিৰ পাছতো এই দুৰ্ঘটনা হ’বলৈ পালে। যদিহে মেৰামতি সম্পূৰ্ণ হোৱাই নাছিল তেন্তে মুকলি কিয় কৰিলে। সৰ্বাধিক ১০০ৰ ক্ষমতা থকা দলং খনত কিদৰে ১০০ৰো বহু অধিক লোকে একেলগে উঠিবলৈ অনুমতি পালে। সেই দুৰ্ঘটনাৰ শিহৰণকাৰী ভিডিঅ’ বৰ্তমানে সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতেই সেই ভিডিঅ’ দেখি শোকবিহ্বল হৈ পৰিছে। কেমেৰাৰ সমুখতেই দলং ভাগি পানীত পৰিছে বহু লোক।