নিউজ ডেক্স,৩ নবেম্বৰঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ৰেলীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুলীচালনাত ইমৰান খানকে ধৰি কমেও ৪ জন লোক আহত হৈছে। অচিনাক্ত আক্ৰমণকাৰীয়ে ৱাজিৰাবাদৰ আল্লা হো চকৰ ওচৰত পিটিআইৰ অধ্যক্ষ ইমৰান খানৰ বাহনত গুলীচালনা কৰে। এই আক্ৰমণত ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় ইমৰান খান। পিটিআইৰ ফাৰুক হাবিবে নিশ্চিত কৰিছে যে দলৰ মুৰব্বী ইমৰান খান গুলীচালনাত আহত হৈছে। পিটিআই নেতা ফৈজল জাভেদও ইমৰান খানৰ বাহনৰ ওচৰত হোৱা গুলীচালনাত আহত হৈছে। আজি বৃহস্পতিবাৰে তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ প্ৰতিবাদী যাত্ৰাৰ সপ্তম দিন আছিল। ইমৰান খানে লাহোৰৰ পৰা ইছলামাবাদলৈ এক পদযাত্ৰা কৰি আছে। এই পদযাত্ৰাৰ সময়ত তেওঁ যাত্ৰা কৰি থকা বাহনখনৰ ওচৰত গুলীচালনা সংঘটিত হয়। আক্ৰমনকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। ইমৰান খানৰ ওপৰত হোৱা এই আক্ৰমণৰ পিছত পাকিস্তানৰ ৰাজনীতিত আকৌ এবাৰ খেলিমেলিৰ সম্ভাৱনা আছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোকো একেধৰণৰ ৰেলীত এজন আত্মঘাতি বোমাৰুৱে আক্ৰমণ কৰিছিল। য’ত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। উল্লেখ্য যে আজি ইমৰান খানৰ দলৰ পদযাত্ৰাৰ সপ্তম দিন।