শোণিতপুৰ,৩অক্টোবৰঃতেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পাচ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰিত প্ৰকাশ কৰিব পাৰি যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২০০৫ চনত ১৪ গৰাকী প্ৰাৰ্থীক লেবৰেটৰী টেকনিছিয়ান পদত নিযুক্তি দিয়া হয়।নিযুক্তি লাভ কৰা কেইগৰাকী মান প্ৰাৰ্থীৰ তথ্য পাতি বিসংগতিপূৰ্ণ তথা ভুৱা বুলি তেতিয়াই একাংশ বঞ্চিত প্ৰাৰ্থীয়ে অভিযোগ কৰে। পিছত অভিযোগকাৰী বঞ্চিত কেইগৰাকী মান প্ৰাৰ্থী অভিযোগ সম্পৰ্কত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ন্যায়ালয়ত এই গোচৰটো বিচাৰাধীন হৈ থাকে।অৱশেষত গুৱাহাটী উচ্ছ ন্যায়ালয়ে যোৱা ২৭ চেপ্টেম্বৰত অভিযোগকাৰীৰ সমৰ্থনত এটা নিৰ্দেশ দিয়ে।এই নিৰ্দেশ মতেই শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পাচ গৰাকী নিযুক্তি প্ৰাপ্ত লেবৰেটৰী টেকনিছিয়ানক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।বৰ্খাস্ত কৰা কৰ্মচাৰী কেইগৰাকী হল-পংকজ বৰুৱা,আইমী ৰয়,মঞ্জু মণি বৰা হাজৰীকা,সীমান্ত নাথ আৰু কৌশিক ব্যাস।।