টীয়ক, ৩ অক্টোবৰ:টীয়কৰ এখন বিশেষ চৰকাৰী বিদ্যালয়। যি খন বিদ্যালয়ত বৰ্তমান নাই কোনো স্থায়ী শিক্ষক। বিদ্যালয় চামিল কৰণৰ ফলত বিদ্যালয়খনত দেখা গৈছে চৰম অৰাজকতা। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবেই টীয়ক সমষ্টিৰ অন্তৰ্গত ১৭৮ নং তিনিকুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰিছে মাতৃ গোটে। উল্লেখযোগ্য যে যোৱা ১০ জুনতে ১৭৮ নং তিনিকুৰীয়া প্ৰথমিক বিদ্যালয় খন কিছু দূৰ নিলগৰ ৪১৮ নং প্ৰথমিক বিদ্যালয়ৰ লগত চামিলকৰণ কৰাৰ এক নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে। তেতিয়াৰ পৰাই ১৭৮ নং প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক সকলে কৰি গৈছে নিৰন্তৰ প্ৰতিবাদ। অভিভাৱক সকলৰ অভিযোগ যে ৪১৮ নং বিদ্যালয়ৰ ভৌগোলিক অৱস্থা শিশুৰ বাবে অনুপযোগী। কাৰণ বিদ্যালয়ৰ কাষেৰে বৈ যোৱা এখন নদী আৰু বৃহৎকাই বৰ পুখুৰী টোৰ বাবে শিশুৰ নিৰাপত্তাৰ ক্ষেত্ৰত চিন্তিত হৈ পৰিছে অভিভাৱক সকল। উল্লেখযোগ্য যে অভিভাৱক সকলে চামিলকৰণক আদৰণি জনাইছে যদিও স্কুল দুখনৰ ভৌগোলিক অৱস্থানৰ এক ক্ষেত্র ভিত্তিক তদন্ত কৰি শিক্ষা বিভাগে চামিল কৰণৰ ক্ষেত্ৰত কিছু সালসলনি কৰিব বুলি আশা প্ৰকাশ কৰিছে।