গুৱাহাটী, ৬ নবেম্বৰ:স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে প্ৰতিজন লোকক সুস্বাস্থ্যবান কৰি তোলাৰ প্ৰয়াস আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । স্বচ্ছতাকলৈ দেশজুৰি এক নবজাগৰণ হৈছিল । পিছে এতিয়া বুমেৰাং হোৱাৰ পথত স্বচ্ছ ভাৰত অভিযান । পিছে আঁচনিখনকলৈ এতিয়া বহুতৰ পকেট হৈছে গৰম।আৰ টি আই তথ্যই উদঙালে উত্তৰ গুৱাহাটী পৌৰ সভাৰ বিত্তীয় কেলেংকাৰী । পৌৰ সভা এলেকাত স্বচ্চতাৰ নামত উত্তৰ গুৱাহাটী পৌৰ সভাৰ কৰ্মকৰ্তাই সৰকাইছে লাখে লাখে ধন। পিছে খৰচ কৰা ধনৰ বিপৰীতে নগৰ অঞ্চলৰ কদৰ্য ছবি । পৌৰসভাৰ নিজা শ্ৰমিক থকাৰ পিছতো ভুৱা শ্ৰমিক সজাই ২০২১ -২০২২ বৰ্ষত সৰকাইছিল বৃহৎ পৰিমানৰ ধন । পথৰ দাঁতিৰ হাবি জংঘল ছাফ নকৰাকৈয়ে চৰকাৰী ধন আত্মসাতৰ তথ্য পোহৰলৈ আহিছে ।উত্তৰ গুৱাহাটী পৌৰ সভাৰ পানীত বুৰ গৈ থকা আবাসীয়ে পৌৰ সভাৰ দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া সৰৱ । গেইল নামৰ প্ৰতিস্থানে CSR আঁচনিৰ অধীনত যোগান ধৰা ডাষ্টবিনসমূহ উঠাই নিলে পৌৰ সভাই । কাৰণ ডাষ্ট বিনৰ আবৰ্জনা আতৰাবলৈ নাই শ্ৰমিক আৰু ডাম্পিং গ্ৰাউণ্ড । এতিয়া উত্তৰ গুৱাহাটীৰ অলিয়ে গলিয়ে আবৰ্জনা আৰু আবদ্ধ দুষিত পানীৰ বাবে নগৰ বাসীৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে উশাহ নিশাহ ।










