বৰাপানী, ৬ নবেম্বৰ:-প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মেঘালয়ৰ বৰাপানীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাইজিং চান ওৱাটাৰ ফেষ্টিভেল উৎসৱ । ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ ৰেড হৰ্ণছ ডিভিজনৰ উদ্যোগত তথা অসম ৰাইফলছ আৰু মেঘালয়ৰ বিভিন্ন স্থানীয় গোটৰ সহায়ত আয়োজন কৰা হৈছে এই উৎসৱ । তিনি নৱেম্বৰৰ পৰা পাচ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা কাৰ্য্যসূচী সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,লগতে ভাৰতীয় সেনাৰ ইষ্টান কমাণ্ডৰ জি অ’ চি চিফ ৰাণা প্ৰতাপ কলিতা । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰি কয় যে এনেকুৱা সুন্দৰ অনুষ্ঠান উত্তৰ পূবত অনুস্থিত কৰাটো অতিকৈ ভাল কথা । উত্তৰ পূব ভাৰতৰ সুন্দৰ সাংস্কৃতিক কলা সমূহ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ দ্বাৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তুলিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । মুখ্য মন্ত্ৰী গৰাকীয়ে জল সেনাৰ জোৱানৰ দ্বাৰা প্ৰদৰ্শন কৰা বিশেষ দুঃসাহসিক প্ৰদৰ্শনী উপভোগ কৰি আনন্দিত হৈ পৰে । ইফালে প্ৰথম দিনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ মুখ্যমন্ত্ৰী কংৰাড চাংমা । ভাৰতীয় সেনাক এনেকুৱা কাৰ্যসূচী মেঘালয়ত অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনাই কংৰাড চাংমাই । অনাগত সময়ত এনেকুৱা অনুষ্ঠানে মেঘালয়ৰ পৰ্যটনৰ লগতে স্থানীয় গোট আৰু খেলুৱৈ সকলক উৎসাহিত কৰিব বুলি উল্লেখ কৰে । মেঘালয়ৰ ভিন্ন ঠাইত অহা বছৰৰ পৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হব বুলি কয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কংৰাড চাংমাই । অনুষ্ঠানত ফ’ৰ ক্ৰপছৰ জিওচি দীনেশ সিং ৰাণাৰ উপৰি সেনাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । আনহাতে সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি গায়িকা প্ৰিয়ংকা ভৰালীয়ে বিহু সংগীতত নচুৱাই সকলো দৰ্শকক ।