গুৱাহাটী,৭ নৱেম্বৰঃ অসম চৰকাৰে নতুন দিল্লীত ২৩ আৰু ২৪ নৱেম্বৰত উদযাপন কৰিবলৈ লোৱা বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানত শৰাইঘাটৰ ৰণকে ধৰি আহোম সেনাধিনায়কগৰাকীৰ বীৰত্ব আৰু জীৱনগাঁথাক প্ৰতিভাত কৰা ঐতিহাসিক সমলেৰে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী অনুষ্ঠানৰ বাবে গঠিত ৰাজ্য চৰকাৰৰ উদযাপন সমিতিৰ অধীনস্থ প্ৰদৰ্শনী উপ-সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি দিছপুৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত গঠিত উপ-সমিতিখনত সদস্য হিচাপে অন্তৰ্ভুক্ত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, থলুৱা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব সীমাৰেখা ভূঞা, সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক মীনাক্ষী দাস নাথ, পুৰাতত্ব সঞ্চালক দীপিৰেখা কুলী, তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সচিব নয়ন কুমাৰ পাঠক আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সম্পৰ্কৰক্ষী বিষয়া সুলক্ষণা মিথি কছাৰীয়ে বৈঠকত অংশগ্ৰহণ কৰে। নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত মূল অনুষ্ঠানৰে সংগতি ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা এই বিশেষ প্ৰদৰ্শনীখনৰ আয়োজনৰে জড়িত দিশসমূহ বৈঠকত বিতং ভাৱে আলোচনা কৰা হয়। উপ-সমিতিখনৰ অধ্যক্ষ তথা স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰদৰ্শনীখনৰ বাবে অসমৰ পৰা নতুন দিল্লীলৈ নিব লগা ঐতিহাসিক সমলসমূহৰ অকণো হানি-বিঘিনি নঘটাকৈ পৰিবহন কৰাৰ লগতে নিৰাপত্তাৰ দিশটো সম্পূৰ্ণ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত পুৰাতাত্বিক আৰু সংগ্ৰহালয়ৰ সম্পদৰাজিৰ ক্ষেত্ৰত অৱশ্যপালনীয় নীতি-নিয়ম পালনৰ লগতে বিজ্ঞান সন্মত ব্যৱস্থা সম্পূৰ্ণ ভাৱে অনুসৰণ কৰিবলৈও সংশ্লিষ্ট বিভাগক বৈঠকত মন্ত্ৰীগৰাকীয়ে দিহা দিয়ে। আনহাতে, দিল্লীৰ প্ৰদৰ্শনীথলীত বীৰ লাচিত বৰফুকনৰ জীৱন-বীৰত্বৰ লগতে অসমৰ যুগমীয়া ইতিহাস বিজড়িত সমলসমূহ সুন্দৰ তথা যথাযথ ভাৱে উপস্থান হোৱাটো সুনিশ্চিত হোৱাকৈ প্ৰদৰ্শনীৰ আগতীয়া প্ৰস্তুতিৰ সকলো দিশ তদাৰকৰ বাবে ৰাজ্য চৰকাৰৰ সংগ্ৰহালয়, বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ ফালৰ পৰা দায়িত্বশীল বিষয়াক আগতীয়াকৈ নতুন দিল্লীলৈ প্ৰেৰণ কৰি বাহৰ পাতি থকাৰ ব্যৱস্থা কৰিবলৈ বৈঠকত সিদ্ধান্ত লোৱা হয়। উপ-সমিতিখনৰ অধ্যক্ষৰ নেতৃত্বত সদস্য তথা বিষয়াৰ এটা দলে চলিত সপ্তাহতে নতুন দিল্লীলৈ গৈ প্ৰদৰ্শনীৰ স্থান পৰিদৰ্শনৰ লগতে প্ৰদৰ্শনীখনৰ আয়োজনৰ ক্ষেত্ৰত দিল্লীতে সম্পন্ন কৰিব লগা বিভিন্ন কাৰিকৰী দিশ আৰু ব্যৱস্থাপনা বিষয়ক দিশসমূহ আগতীয়াকৈ পৰ্যালোচনাৰে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখ্য যে, আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ বীৰত্ব-জীৱন গাঁথা আৰু শৰাইঘাটৰ যুঁজত অসমীয়া সেনাৰ পৰাক্ৰম বিষয়ক অসম বুৰঞ্জীৰ সোণোৱালী অধ্যায়ছোৱাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ মানসেৰে অসম চৰকাৰৰ উদ্যোগত লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জন্মদিন অহা ২৪ নৱেম্বৰৰ সৈতে সংগতি ৰাখি দেশৰ ৰাজধানী মহানগৰখনত ২৩ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।