গুৱাহাটী,৭ নবেম্বৰঃ গুৱাহাটীত প্ৰাতঃভ্ৰমণলৈ যাওতে সাৱধান। লগত মাৰণাস্ত্ৰ লৈ মহানগৰীত ঘূৰিছে চিলনী চোৰ। মহানগৰীত দিন-দুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই এগৰাকী শিক্ষয়িত্রীৰ পৰা লুটি লৈ গ’ল সোণৰ চেইন। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ গুৱাহাটী ক্লাৱৰ জে বি লেন পথত সংঘটিত হৈছে এই ঘটনা। ৰীতা কলিতা নামৰ এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই পিষ্টল দেখুৱাই কাঢ়ি নিলে সোণৰ চেইন। সন্তানক স্কুলত থ’বলৈ যাওতে সংঘটিত হয় এই ঘটনা।এতিয়াও দুৰ্বৃত্তৰ কোনো ক্লু লাভ কৰা নাই আৰক্ষীয়ে।
