জামুগুৰিহাট,৯ নবেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চিতলমাৰী সাতগাঁৱৰ উদ্যোগত মঙলবাৰে দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় গোৰ্খা সম্প্ৰদায়ৰ পৱিত্ৰ উৎসৱ ৰমাইলো তিহাৰ সন্মিলন। এই তিহাৰ সন্মিলনত মূখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দেউছী-ভৈলী গীত পৰিবেশন কৰি সকলো ৰাইজৰ মন আপ্লোত কৰিবলৈ সক্ষম হয়। গোৰ্খা ৰাইজৰ অন্যতম জাতীয় উৎসৱ এই তিহাৰ সন্মিলনত বিধায়কগৰাকীয়ে কয় যে গোৰ্খা সকল অসমীয়া জাতিৰ অৱিচ্ছেদ্দ অংগ। গোৰ্খাসকলক বাদ দি অসমীয়া জাতি কেতিয়াও পূৰ্নাংগ হব নোৱাৰে। অনুষ্ঠানটিৰ বক্তা হিচাবে অংশগ্ৰহণ কৰে ড° তিলক শৰ্মা, দক্ষিণ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱীয়ে৷ অসম নেপালী সাহিত্য সভাৰ জিলা শাখাৰ সভাপতি সদস্যসকলৰ লগতে পঞ্চায়তৰ সদস্যসকলৰ লগতে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই তিহাৰ সন্মিলনত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহন কৰি ধৰ্মীয় অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত অনুষ্ঠানত দেউছী-ভৈলী নৃত্য প্ৰতিযোগীতাৰো আয়োজন কৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিৰ সভাপতি চন্দ্ৰ তিমচিনা, সম্পাদক ৰঞ্জন গৌতমে ।