গুৱাহাটী,৯ নৱেম্বৰঃ অসমৰ প্ৰাক্তন সাতোঁৰবিদ তথা বৰ্তমানৰ চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাতোঁৰিবলৈ ওলাইছে ইংলিছ চেনেল। ২০১৮ত সাতোঁৰবিদজনে ইংলিচ চেনেল সাতোঁৰাৰ প্ৰয়াস কৰিছিল যদিও সামান্য দুৰত্বৰ বাবে ব্যৰ্থ হৈছিল। তাৰপাছতো আশা এৰি দিয়া নাই এলভিছ আলী হাজৰিকাই। এলভিছ আলী হাজৰিকাই ২০২৪ৰ ১৭-২২ জুনৰ ভিতৰত ইংলিছ চেনেল সাতোঁৰাৰ চেষ্টা কৰিব। পূৰ্বতে এলভিছ আলী হাজৰিকাই ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত ‘ৱান ৱে ছুইম’ কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ ‘টু ৱে ছুইম’ কৰিব। অৰ্থাৎ ইংলেণ্ডৰ পৰা ফ্ৰান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব। এই সাতোঁৰৰ মূঠ দুৰত্ব হ’ল ৭৮ কিলোমিটাৰ। এই ৰীলে সাতোঁৰত প্ৰতিগৰাকী সন্তৰণবিদক এটা নিদিষ্ট দুৰত্ব সাতোঁৰিবলৈ দিয়া হ’ব। আজি এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এলভিছ আলী হাজৰিকাই কয় যে ইংলিছ চেনেল সাতোঁৰাৰ বাবে প্ৰয়োজন হ’ব প্ৰায় ১৫ লাখ টকা। ইয়াৰ বাবে তেওঁ অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। উল্লেখ যে চলিত ছেপ্টেম্বৰত এলভিছে নৰ্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নৰ্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল। তদুপৰি ২০১৯ত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাতোঁৰিবলৈ সক্ষম হৈছিল সাতোঁৰবিদজনে। আজিৰ সংবাদলমেলত অসম অলিম্পিক সন্থাৰ উপসভাপতি ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰণয় বৰদলৈ আৰু সুবোধ মল্ল বৰুৱা, কামৰূপ মহানগৰৰ ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি কলিতা তথা অসম অলিম্পিক সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।