গুৱাহাটী,১০ নবেম্বৰঃ ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক গাপ দিয়া কাৰ্যৰ লগত জড়িত থকা দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে অৱশেষত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে। বৃহস্পতিবাৰে চি আই ডিৰ ওচৰত আত্মসমৰ্পণ কৰে নিলম্বিত আৰক্ষী অধীক্ষকগৰাকীয়ে। আত্মসমৰ্পণৰ পিছতে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ৰাজমোহন ৰায়ক। দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত পলাতক হৈ আছিল ৰাজমোহন ৰায় । গ্ৰেপ্তাৰৰ ভয়ত পলাতক হৈ আছিল ৰাজমোহন ৰায়। বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে চি আই ডিয়ে ৰাজমোহন ৰায়ক তলব কৰিছিল । ইফালে গ্ৰেপ্তাৰৰ ভয়ত এতিয়াও পলাতক হৈ আছে দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা। উল্লেখ্য যে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাকলৈ ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । লগতে এই ঘটনাৰ অভিযোগত ধূলা আৰক্ষী ধানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বড়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু তিনিগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।