গুৱাহাটী,১০ নবেম্বৰঃ প্ৰধানমন্ত্রী মৎস সম্পদ যোজনাৰ অধীনত আজি মহানগৰীৰ উজানবজাৰ ঘাটত ৰিভাৰ ৰেঞ্চিং কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উল্লেখ যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা ২০২১-২২ অধীনত কামৰূপ মহানগৰ জিলা মীন উন্নয়ন কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত মন্ত্রী পৰিমল শুক্লবৈদ্যই অংশ গ্ৰহণ কৰে। বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মহাবাহুৰ বুকুত মাছৰ পোনা মেলি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। মাছৰ প্ৰজ্বনন ক্ষমতা বৃদ্ধি তথা বংশবৃদ্ধিৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই যোজনাৰ নিয়ম অনুসৰি ১০ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ এক কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ এলেকাত মাছ ধৰা বন্ধ ৰাখিবলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংশ্লিষ্ট সকলোৰে প্ৰতি অনুৰোধ জনায়। এই যোজনাৰ অধীনত আজিৰ দিনটোত ২ লাখ মাছৰ পোনা এৰি দিয়া হৈছে ব্ৰক্ষ্মপুত্ৰত। ইয়াৰে ১ লাখ মাছৰ পোনা উজানবজাৰ ঘাটত এৰি দিয়াৰ বিপৰীতে ১ লাখ মাছৰ পোনা শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বুকুত এৰি দিয়া হৈছে। উল্লেখ যে অসমৰ ২২ খন জিলাত বৰাক, ব্ৰহ্মপুত্ৰ তথা আন আন নদীসমূহত ২৯ লাখ মাছৰ পোনা এৰি দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই কাৰ্যসূচীত সৰ্বমুঠ ৮৭ লাখ টকা ব্যয় কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
Home অসম আৰু উত্তৰপূব উজানবজাৰ ঘাটৰ ব্ৰক্ষ্মপুত্রত এক লাখ মাছৰ পোনা মেলিলে মন্ত্রী পৰিমল শুক্লবৈদ্যই










