গুৱাহাটী,১০ নবেম্বৰঃ পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। বুধবাৰে পুৱা অহা এটা ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চল। পুৱা প্ৰায় ১০.৩০ বজাত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৭ ৰিখটাৰ স্কেল। অকল অসমেই নহয় এই ভূমিকম্পটোৱে অৰুণাচল প্ৰদেশতো জোকাৰণিৰ সৃষ্টি কৰে ৷ এই ভুমিকম্পৰ কেন্দ্ৰস্থল অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে ৷ এই ভূমিকম্পটোৰ জোকাৰণি উজনি অসমত বেছি অনুভৱ হৈছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে ভূমিকম্পটোত এই পৰ্যন্ত দুয়োখন ৰাজ্যত কোনোধৰণৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই। ইয়াৰ পিছতেই আকৌ পুৱা ১০.৪৯ বজাত পুনৰ ৩.৫ ৰিখটাৰ স্কেলৰ দ্বিতীয়বাৰৰ বাৰে অহা এটা ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে অৰুণাচলক। উল্লেখ যে বিগত মঙলবাৰৰ পৰা ক্ৰমাগতভাৱে অহা তিনিটাকৈ সৰু-বৰ ভূমিকম্পই কঁপাই গৈছিল চুবুৰীয়া ৰাষ্ট্ৰ নেপালক ৷ নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা মতে নেপালৰ সুদূৰ পশ্চিম অঞ্চলত যোৱা মঙলবাৰে নিশা ৯.০৭ বজাত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় ৫.২ ৰিখটাৰ স্কেল ৷ এই ভূমিকম্পৰ ফলত অঞ্চলটোত এটা ঘৰ ভাঙি ৬ জন লোকৰ মৃত্যু হয়।










