গুৱাহাটী,১২ নবেম্বৰঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা চিত্রশিল্পী পুলক গগৈ আৰু নাই। আজি পুৱা চলচিত্ৰ পৰিচালকগৰাকীয়ে গুৱাহাটীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পীগৰাকী। অৱশেষত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয়। ১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰা গগৈয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰি অসমীয়া চলচ্চিত্ৰৰ জগতখন সমৃদ্ধ কৰি গৈছে। খোজ, শ্ৰীমতী মহিমাময়ী, সূৰুয, সেন্দুৰ, মমতাজ, সদৰী, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি বহু জনপ্ৰিয় অসমীয়া ছৱিৰ পৰিচালক পুলক গগৈৰ দেহাৱসান সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। পুলক গগৈয়ে ‘অসমবাণী’ কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ‘দৈনিক অসম’ কাকতৰো কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়াইছিল। ১৯৭৪ চনত তেওঁ ‘খোজ’নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰে । তাৰ পিছৰে পৰা এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰে তথা বহু সন্মান লাভ কৰিবলৈ সক্ষম হয়। ‘ৰেলৰ আলিৰ দুবৰি বন’ ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰিছিল। তদুপৰি পুলক গগৈয়ে নিজৰ একেবাৰে শেহতীয়া ‘মমতাজ’ নামৰ ২০১৩ চনত নিৰ্মাণ কৰা ছবিখনৰ বাবে ফিল্ম ফেয়াৰ (ইষ্ট)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।