গুৱাহাটী,১৩ নবেম্বৰঃ ৰাজধানী দিল্লীত উজ্বলি উঠিছে অসমৰ এক গৌৰৱোজ্বল ইতিহাস। দিল্লী মহানগৰৰ বিভিন্ন স্থানত এতিয়া বীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰ গাথা। বেনাৰ-পোষ্টাৰত উজ্বলি উঠিছে লাচিত বৰফুকন। ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰৰ পৰা আৰম্ভ কৰি দিল্লীৰ বাছষ্টেণ্ড, মেট্র’ ষ্টেচন আনকি মেট্ট’ ট্রেইন, ৰাজপথত ওলমিছে বীৰ লাচিত বৰফুকনৰ বীৰত্ব প্ৰদৰ্শনকাৰী হৰ্ডিং আৰু বেনাৰ। উল্লেখ যে ২৩ আৰু ২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে আয়োজন কৰিছে লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান। মোগল সাম্রাজ্যই সমগ্ৰ ভাৰতক আগুৰি ধৰাৰ সময়ত বীৰ লাচিত বৰফুকনৰ বীৰত্ব, যুদ্ধ নিপুণতা আৰু অফুৰন্ত দেশপ্ৰেমৰ বাবে কোনোদিনে অসম দখল কৰিব পৰা নাছিল মোগলে। এইগৰাকী মহাপৰাক্ৰমী বীৰযোদ্ধাক অসম চৰকাৰে সমগ্ৰ দেশবাসীৰ সন্মুখত দাঙি ধৰিব বিচাৰিছে। তাৰেই অংশ স্বৰূপে প্ৰথম বাৰৰ বাবে দিল্লীত আয়োজন কৰা হৈছে লাচিত দিৱস। ছত্রপতি শিৱাজী মহাৰাজক যেনেদৰে দেশবাসীয়ে জানে ঠিক তেনেদৰে বীৰ লাচিত বৰফুকনকো যাতে সকলোৱে জানিব পাৰে তাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ ২৪ নৱেম্বৰৰ কাৰ্যসূচীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশ গ্ৰহণ কৰিব। আনহাতে ২৩ নবেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব। দুদিনীয়া এই অনুষ্ঠানৰ পূৰ্বে দিল্লীৰ বিভিন্ন স্থানত লাচিত বৰফুকনক তোলি ধৰা হৈছে। যাতে দিল্লীবাসীয়ে লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰ কিছু আভাস ল’ব পাৰে। উল্লেখ যে এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ইতিমধ্যে বিগত কেইবাদিন ধৰি দিল্লীত বাহৰ পাতিছে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অশোক সিংঘাল, বিধায়ক সুশান্ত বৰগোহাঁই, বিধায়ক দিগন্ত কলিতা, বিধায়ক মানৱ ডেকা, বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই। তদাৰক কৰি আছে সকলো দিশ। আনহাতে সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰাৰ বাবে শনিবাৰে দিল্লীত উপস্থিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। ইফালে দুদিনীয়া কাৰ্যসূচীৰ বাবে ৰাজ্যিক কেবিনেটত এখন এপেক্স কমিটীৰ উপৰি কেইবাখনো উপ সমিতি গঠন কৰি দিয়া হৈছে। উল্লেখ্য যে বিজ্ঞান ভৱনত আয়োজন কৰা দুদিনীয়া কাৰ্যসূচীক গাম্ভীর্যপূৰ্ণ কৰি তোলাৰ বাবে মুখ্যমন্ত্রীকে ধৰি কেইবাজনো কেবিনেট মন্ত্ৰীয়ে অহৰহ দিল্লী ভ্ৰমণ কৰি বৈঠক আদিত মিলিত হোৱাও পৰিলক্ষিত হৈছে। অনুষ্ঠানটোৰ বাবে গঠন কৰা কমিটীসমূহত বিৰোধী পক্ষৰ বিধায়কসকলকো সামৰি লোৱা হৈছে। উল্লেখ্য যে ১৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ প্ৰতিজন কেবিনেট মন্ত্রীয়ে নিজা নিজা দায়িত্বত থকা কমিটীৰ বৈঠকত অংশ ল’বলৈ নিৰন্তৰ দিল্লী-দিছপুৰ অহা-যোৱা কৰিব। ২১ নবেম্বৰৰ পৰা সকলো মন্ত্ৰী-বিধায়কেই দিল্লীত বাহৰ পাতিব। উল্লেখ যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ দিল্লীৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ উপৰি ১৮ নৱেম্বৰত অসম আৰক্ষীৰ মাৰ্চ-পাষ্টৰ জৰিয়তে অসমত বৰফুকনৰ ৪০০জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ ঘটিব। ১৯ নৱেম্বৰত সমগ্ৰ অসমত স্কুল, কলেজ, বিশ্ববিদ্যালয়ত ৰচনা লিখা প্রতিযোগিতাৰ আয়োজন কৰা হ’ব। ২০ নৱেম্বৰত ৰাজ্যজুৰি সমাজসেৱামূলক কার্যাৱলী গ্ৰহণ কৰা হ’ব। সেইদৰে ২১, ২২, ২৩ নৱেম্বৰতো জিলা উপায়ুক্তসকল তথা স্থানীয় পর্যায়ত বিভিন্ন কাৰ্যসূচীৰে জয়ন্তী পালন কৰা হ’ব। লাচিত বৰফুকন বিষয়ত লিখা ৰচনাসমূহ ইতিমধ্যে ৰাজ্য চৰকাৰে তৈয়াৰ কৰা প’ৰ্টেলত আপলোড কৰাৰ কাম আৰম্ভ কৰিছে। দেশ-বিদেশৰ প্ৰায় ১০ হাজাৰ লোকে ইতিমধ্যে লাচিত বৰফুকন সন্দৰ্ভত ৰচনা লিখি প্ৰমাণ-পত্ৰ লাভ কৰিছে। দিল্লীৰ সামৰণি অনুষ্ঠানত প্ৰথমদিনা বীৰ লাচিত বৰফুকনকলৈ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ শুভ উদ্বোধন কৰা হ’ব। আনহাতে অসমৰ প্ৰায় ২০০০ বছৰীয়া ইতিহাসৰ সৈতে আহোম ৰাজত্বৰ ৪০০বছৰীয়া গৌৰৱোজ্বল অধ্যায়ক প্রতিফলিত কৰাকৈ বিজ্ঞান ভৱনত এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ২৩ আৰু ২৪ নৱেম্বৰত দুখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত হ’ব।