মাৰ্ঘেৰিটা১৪ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত মাইচাংপানী বালি চাপৰি গাওঁখন সকলো দিশৰ পৰা অৱহেলিত বঞ্চিত এখন গাওঁ।গৰাখহনীয়া সমস্যা গাওঁখনৰ মূল সমস্যা ৰূপে ৰাইজে চিহ্নিত কৰা লগতে বাট-পথ, আলি-পদুলি, শিক্ষা তথা স্বাস্থ্য সু-ব্যৱস্থা নথকা উল্লেখ কৰে । আৰ্থ সামাজিক ব্যৱস্থাকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মাইচাংপানী বালি চাপৰি গাওঁখন।আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ‘অ আমাৰ গাঁও’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ৰাইজৰ মাজলৈ গৈ ৰাইজৰ সমস্যাসমূহৰ বুজ লয়।ৰাইজে সাংবাদিক দলৰ আগত সমস্যাসমূহ ব্যক্ত কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উপঃসভাপতি বিকাশ বৰুৱা, সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া, সহকাৰী সম্পাদক দ্বয় ক্ৰমে মানস প্ৰতিম গগৈ(জেষ্ঠ সাংবাদিক নিউজ লাইভ মাৰ্ঘেৰিটা), শ্যামল নেওগ, সাংগঠনিক সম্পাদক ফাইজুৰ ৰহমান, সদস্য আব্দুল আলিম, বিকি দাস, অৰুণ ভূঞা, সাংবাদিক মৃদু বৰুৱাসহ গাওঁখনৰ ২ শতাধিক ৰাইজ।গাওঁখনৰ জেষ্ঠ অম্বেশ্বৰ গগৈ, অজগৰাম নাগবংশী, আৰু ঘনকান্ত গগৈক মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ তৰফৰ পৰা প্ৰথমে এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।