মান্দাকাটা, ১৪নৱেম্বৰ:কামৰূপ জিলাৰ কৰৰা শিক্ষা খণ্ডৰ অন্তৰ্গত মান্দাকাটা খ সমলকেন্দ্ৰৰ উদ্যোগত মান্দাকাটা বাগান প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন ৷ সমল কেন্দ্ৰটোৰ অন্তৰ্গত মুঠ ১১ খন বিদ্যালয়ে আজি ১৪ নৱেম্বৰৰ দিনটোত সংঘবদ্ধভাৱে দিনযোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা শিশু দিৱসৰ কাৰ্যসূচীত পুৱা জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বৰবাকা ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আইজুল্লা আলীয়ে ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত চিত্ৰাংকণ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা মুকলি কৰে যুৱ সমাজকৰ্মী ছাইনিং মাৰাকে ৷ ইয়াৰ পিছতে গীত-নৃত্যৰে ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা বিচিত্ৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে মান্দাকাটা উঃ মাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষক অচ্যুত দাসে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কৰৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তাজিমুল হক আৰু কামৰূপ জিলাৰ জিলা আঁচনি বিষয়া চুইটি বেজবৰুৱাই ৷