গুৱাহাটী, ১৪ নৱেম্বৰ : অসম চৰকাৰে ৰাষ্ট্ৰীয় স্তৰত উদযাপন কৰিবলৈ লোৱা বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী অনুষ্ঠানৰ অংশ হিচাপে আয়োজন কৰা বুৰঞ্জীমূলক প্ৰদৰ্শনীৰ প্ৰস্তুতিৰ অগ্ৰগতি আজি পৰ্যালোচনা কৰে স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ প্ৰদৰ্শনী উপ-সমিতিৰ অধ্যক্ষ তথা মন্ত্ৰী মহন্তৰ অধ্যক্ষতাত সোমবাৰে দুপৰীয়া দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত উপসমিতিৰ এখন বৈঠকত প্ৰদৰ্শনীখনৰ প্ৰস্তুতিৰে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে অহা ২৩ নৱেম্বৰৰ আগবেলা নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ’ব লগা এই প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানৰ ব্যৱস্থাপনা সন্দৰ্ভতো বিতং ভাৱে চৰ্চা কৰা হয়। বৈঠকত পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, থলুৱা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব সীমাৰেখা ভূঞা, সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক মীনাক্ষী দাস নাথ, পুৰাতত্ব সঞ্চালক দীপিৰেখা কুলি, তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সচিব নয়ন কুমাৰ পাঠক, তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সম্পৰ্কৰক্ষী বিষয়া সুলক্ষণা মিথি কছাৰী আৰু সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনৰ জিলা সংগ্ৰহালয় বিষয়া ললী হাজৰিকায়ো অংশগ্ৰহণ কৰে। এই বৈঠকৰ পিছতে প্ৰদৰ্শনী উপ-সমিতিৰ অধ্যক্ষ তথা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিয়লি মহানগৰীৰ আমবাৰীস্থিত ৰাজ্যিক সংগ্ৰহালয়ত উপস্থিত হৈ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ বুৰঞ্জীমূলক প্ৰদৰ্শনীখনৰ বাবে বাচনি কৰা ঐতিহাসিক সমলসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰী মহন্তই এই প্ৰদৰ্শনীৰ বাবে অসমৰ পৰা নতুন দিল্লীলৈ ঐতিহাসিক সম্পদৰাজি সযতনে নিয়াৰ বাবে চলোৱা প্ৰস্তুতিৰ সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থকা থলুৱা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব সীমাৰেখা ভূঞা, পুৰাতত্ব সঞ্চালক দীপিৰেখা কুলী আৰু ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক ৱাই এছ ৱাংলেংটনৰ সৈতে দিল্লীলৈ প্ৰদৰ্শনীখনৰ বাবে নিবলৈ সাজু কৰা অমূল্য, ঐতিহাসিক সমলসমূহ পৰিবহনৰ ক্ষেত্ৰত বিজ্ঞান সন্মত ভাৱে পেকজিং কৰাৰ লগতে সুৰক্ষাৰ দিশটো সম্পূৰ্ণ সুনিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী মহন্তই। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ চিৰ যুগমীয়া বীৰত্ব আৰু অনন্য দেশপ্ৰেমক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ মানসেৰে অহা ২৪ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত সৰ্বশ্ৰেষ্ঠ আহোম সেনাপতিগৰাকীৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ উদ্যোগ লৈছে। ইয়াৰ সৈতে সংগতি ৰাখি অহা ২৩ আৰু ২৪ নৱেম্বৰত বিজ্ঞান ভৱনৰ প্ৰথম মহলাত অনুষ্ঠিত কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীখনত বীৰ লাচিত বৰফুকনৰ বীৰত্ব-পৰাক্ৰমৰ নিদৰ্শনস্বৰূপ শৰাইঘাটৰ ৰণকে ধৰি আহোম ৰাজত্বকালৰ পৰা ভাৰতৰ স্বাধীনতা লাভৰ সময়ছোৱাক সামৰা অসম বুৰঞ্জীৰ মহত্বপূৰ্ণ দিশসমূহৰ চানেকি তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।