শিৱসাগৰ,১২ নৱেম্বৰঃশিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয় কক্ষত শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্ৰ খনৰ উত্তৰণ ঘটোৱাৰ সন্দৰ্ভত এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। উক্ত সভাত শিৱসাগৰৰ কেইজনমান বিশিষ্ট নাগৰিক তথা বুৰঞ্জীবিদ উপস্থিত থাকে। সভাখনত জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনৰ উত্তৰণ ঘটোৱাৰ বাবে কিছুমান বিশেষ পৰিকল্পনাৰ পৰ্যালোচনা কৰা হয়। সভাখনত জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ আৰু মাধৱ দাস, পৰ্য্যটক তথ্য বিষয়া, শিৱসাগৰ উপস্থিত থাকে।