উত্তৰ গুৱাহাটী, ১৭ নবেম্বৰঃকুৰি বছৰে নিজৰ ভুমি অধিকাৰৰ বাবে ডি চি অফিচলৈ তাত বাতি কৰি ভাগৰিও নাভাগৰা এজন গঞা লোক । আমিন গাঁও কামৰূপ উপযাুক্ত কাৰ্যালয়ত সকলোৱে চিনি পায় তেওঁক । এখন মোনাত নথিপত্ৰলৈ দৈনিক ছয়গাঁও গৰৈমাৰীৰ পৰা আমিন গাঁও ডি চি অফিচলৈ আহে তেঁও । কেতিয়াবা ঘৰলৈ নগৈ জালুকবাৰী মজজিদৰ মজিয়াত কটাই পুণৰ আহে আমিন গাঁৱলৈ । ভাবিলে আচৰিত হব আপুনি, ছয়গাঁও গৰৈমাৰীৰ পৰা খোজকাঢ়িও ওলায়হি ডি চি অফিচত । নাম ৰূপচান্দ আলি । অভিযোগ , তেখেতৰ পৈত্ৰিক ভুমি দালালে জালিয়াতিৰে কাঢ়ি লৈছে ।প্ৰশাসন আচলতে কাৰ বাবে সাম্প্ৰতিক সময়ৰ এক কোটি টকীয়া প্ৰশ্ন। চৰকাৰে ভুমি সম্পৰ্কীয় নীতি নিয়ম যিমানেই সলনি নকৰক কিয় , প্ৰশাসনিক বিষয়া কৰ্মচাৰীৰ দায়িত্ব আৰু সততা অবিহনে সকলো ফুটুকাৰ ফেন। এই গৰাকী লোকলৈ মন কৰক । বিগত প্ৰায় বিশ বছৰ ধৰি এনেদৰে তাত বাটি কাঢ়িছে কামৰূপ জিলা প্ৰশাসনৰ বিষয়াৰ দুৱাৰে দুৱাৰে। লগত জাপ জাপ কাগজ। এই লোক জনৰ ঘৰ কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ছয়গাঁও থানাৰ টপাৰ পথাৰৰ ৰূপচান্দ আলী। নিজৰ পৈতৃক সম্পত্তি হেৰুৱাই বিগত বিশ বছৰে কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়, গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু ছয়গাঁও থানালৈ তাতবাটি কাঢ়িছে লোকজনে।ৰূপচান্দ আলীৰ অভিযোগ তেওঁৰ পৈতৃক সম্পত্তি ৭৬ নং পট্টাৰ ২৬৯ নং দাগৰ তিনি বিঘা তিনি কঠা ১৮ লেচা ভুমি আৰু ৫৫ নং পট্টাৰ ২৬০ নং দাগৰ ১ বিঘা ১ কঠা ১০ লেচা ভুমি ভুৱা নামজাৰি কৰি বেদখল কৰি আছে দুগৰাকী লোকে। একে গাঁৱৰে আজাদ আলী আৰু হজৰত আলীৰ বিৰুদ্ধে এই অভিযোগ তিনি কন্যা সন্তানৰ পিতৃ ৰূপচান্দ আলীৰ। পিছে কি গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া কি কামৰূপ উপায়ুক্ত কাৰ্যালয় , সকলোৱে খেদি পঠিয়ায় লোকজনক । প্ৰশাসনিক বিষয়ায় সহায়ৰ পৰিবৰ্তে ককৰ্থনা দুৰ্বেবহাৰ পোৱাৰ অভিযোগ । অইনহে নেলাগে উপায়ুক্ত কীৰ্তি জল্লীৰ কোঠাৰ দুৱাৰৰক্ষী আৰক্ষীয়েও ৰূপচান্দক দুৰ্বেবহাৰ কৰাৰ অভিযোগ ।ৰূপচান্দ আলিক কামৰূপ উপায়ুক্ত কাৰ্যালয়ত আমাৰ সাংবাদিক সকলেও প্ৰত্যক্ষ কৰিছিলে। সদায় এগালমান কাগজৰ জাপলৈ ফুৰা ৰূপ চান্দকলৈ কামৰূপৰ কেইবাজনো অতিৰিক্ত উপায়ুক্তক লগ কৰিলে । কিন্তু, ইজনে সিজনলৈ পঠিয়ায় প্ৰমাণ কৰিলে আইন এই সকল গঞাৰ বাবে নহয় ।নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি দায়বদ্ধ নোহোৱা অসম চৰকাৰৰ কৰ্মচাৰীৰ চৰিত্ৰ উদঙালে ৰূপচান্দ আলিয়ে । এইবিলাক দেখি এনে লাগে যেন স্বচ্চ নিকা প্ৰশাসন বিজেপি নেতৃত্বাধীন চৰকাৰৰ এক শ্লোগানহে মাথো । যদি এইবোৰ শ্লোগানতে সীমাবদ্ধ নহয় তেনেহলে আজিলৈকে ৰূপচান্দ হতৰ দৰে সাধাৰণ মানুহৰ এনেবোৰ কথাত কিয় প্ৰশাসনৰ ডাঙৰ ডাঙৰ বিষয়াই চকু মেলি চোৱা নাই তাকলৈহে নানা প্ৰশ্ন জাগিছে সচেতন মহলৰ মাজত।