উত্তৰ গুৱাহাটী, ১৬ উত্তৰ গুৱাহাটীত ভুমি বেদখলৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান। উত্তৰ গুৱাহাটীত ভুমি বেদখলকাৰী উচ্ছেদকলৈ পুণৰ আৰম্ভ হৈছে ষড়যন্ত্ৰ । চৰকাৰী ভুমি বেদখলকাৰীৰ বিৰুদ্ধে ইখনৰ পিছত সিখন জাননী । কিন্তু,উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে বেদখলকাৰীক উচ্ছেদ নচলায় হে নচলায় । সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পিছত যেনিবা গা লৰিল উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ । উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ বৰ বংশৰ মৌজাৰ উত্তৰ ফুলুং আৰু দক্ষিণ লেঙা চাপৰিৰ প্ৰায় দুহেজাৰ বিঘা চৰকাৰী আৰু ৰিজাৰ্ভ ভুমি বেদখল মুক্ত কৰাৰ বাবে ১১ নবেম্বৰত পুণৰ জাননী জাৰি কৰে । সেইমৰ্মে বেদখলকাৰীয়ে মাটি খালি নকৰা বাবে কাপৰূপ প্ৰশাসনে বেদখলকাৰী উচ্ছেদৰ পদক্ষেপ গ্ৰহণ কৰে । পিছে প্ৰশাসনৰ বেদখল উচ্ছেদকলৈ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত। থলুৱা লোকক ৰক্ষণাবেক্ষণৰ নামত পুণৰ ভুমি দালালক সুৰক্ষা প্ৰদানৰ উঠিছে গুৰুতৰ অভিযোগ । একাংশ থলুৱা ভুমি দালালে ভুমি লিজত দি সুৰক্ষা দিছে সন্দেহযুক্ত লোকক আৰু দুই এক লোকৰ ঘৰত বুল ড’জাৰ চলাই দায় সামৰিছে উত্তৰ গুৱাহাটী চক্ৰ বিষয়া ৰশ্নি প্ৰতাপে । উল্লেখ্য যে উত্তৰ গুৱাহাটীৰ চৰ চাপৰিত সন্দেহযুক্ত লোকৰ আগ্ৰাসনে থলুৱা লোকৰ জীৱন জীবিকাৰ প্ৰতি চৰম ভাবুকি আনিছিল । থলুৱাৰ ভুমি কাঢ়ি সন্দেহযুক্ত পমুৱা লোকে উত্তৰ গুৱাটীতে দপদপাই আহিছে । প্ৰশাসনৰ একপ্ৰকাৰৰ ষড়যন্ত্ৰ মূলক উচ্ছেদ অভিযানক এতিয়া সকলোৱে লোৱা নাই সহজভাবে। যাৰবাবে শীঘ্ৰেই উপৰোক্ত বিষয়ত জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলটোৰ সচেতন ৰাইজে ।