টীয়ক,১৮ নৱেম্বৰঃ এইবাৰ অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান বন বিভাগৰ। টীয়কৰ জাঁজীনদীত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযানত অবৈধ বালি খনন মেচিন জব্দ কৰিছে। অতিৰিক্ত বন সংৰক্ষক ৰাজেন চৌধুৰীৰ নেতৃত্বত অহা এটি দলে যোৰহাট বন প্ৰতিৰক্ষা বাহিনীৰ ডেপুতি ৰেঞ্জাৰ অৰুণ কলিতাৰ সহযোগত এই অভিযান চলাই। অভিযান কালত দুটা বালি খনন মেচিন আৰু প্ৰায় ১০ চি এম বালি জব্দ কৰে।