নিউজ ডেক্স,১৮ নৱেম্বৰঃ এটা সম্পূৰ্ণ কল্প বিজ্ঞানৰ কাহিনীৰ দৰে আচৰিত ভিডিঅ’ গেম। যিটো গেমত খেলুৱৈজন খেল খেলি থাকোতে যদি মৃত্যু হয়, তেন্তে বাস্তৱতো মুহূৰ্ততে গেম খেলা যন্ত্ৰটোৱে খেলুৱৈজনক হত্যা কৰিব। পামাৰ লাকী নামৰ এজন ব্যক্তিয়ে এনেধৰণৰ ‘ভিআৰ ভিডিঅ’ গেম’ আৰু আনুষঙ্গিক সামগ্ৰী উদ্ভাৱন কৰিছে যিটোৰ আৱিষ্কাৰক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। এই গেমটোৰ নাম হৈছে ‘শ্ব’র্ড আর্ট অনলাইন । গেমটো এখন জাপানী উপন্যাসৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। গেমটোৰ প্ৰতিযোগীজন এজন উন্মাদ বিজ্ঞানীৰ কাৰাগাৰৰ পৰা ওলাই আহে । ১০০ মহলাত থকা কাৰাগাৰৰ পৰা ওলাই আহিবলৈ প্ৰতিযোগীজনে বিভিন্ন ধৰণৰ সংগ্ৰাম কৰিবলগীয়া হয় । আনহাতে এই গেমটো খেলিবলৈ, আপুনি ‘ভিআৰ গিয়াৰ’ পিন্ধিব লাগিব। চশমা লগোৱা হেলমেটৰ দৰে যন্ত্ৰটোত প্ৰতিযোগীয়ে এই খেলৰ ভিতৰৰ দৃশ্যবোৰ দেখিব। আনহাতে ডিভাইচটোত প্ৰতিপক্ষৰ কপালত ৩ টাকৈ সঁজুলি ৰখা হৈছে। এই ডিভাইচবোৰৰ পৰা মাইক্ৰ’ৱেভ তৰংগ নিৰ্গত হয়। যদি প্ৰতিযোগীজন খেলৰ ভিতৰত পৰাজিত হয় আৰু খেলৰ ভিতৰত মৃত্যু হয়, তেন্তে সেই ডিভাইচৰ পৰা নিৰ্গত তৰংগই আহি খেলি থকাজনৰ মূৰটো ফ্লেছ কৰিব ফলত খেলি থকাজনৰো মৃত্যু হ’ব। জানিব পৰা মতে গেম ডিভাইচটো নিৰ্মাণ কৰা পামাৰে আগতে ফেচবুক বা মেটাৰৰ বাবে কাম কৰিছিল। ইয়াতেই তেওঁ বাস্তৱতাৰ অনুকৰণত এখন ‘ভাৰ্চুৱেল’ পৃথিৱী সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এই কামৰ উপৰিও পামাৰে অস্ত্ৰ নিৰ্মাতা হিচাপেও যথেষ্ট কাম কৰিছে। বিতৰ্কৰ উদ্ভৱ হোৱাৰ লগে লগে তেওঁ কয় যে তেওঁ গেমৰ বাবে এই খেলখনৰ সৃষ্টি কৰা নাছিল। তদুপৰি খেলৰ সামগ্ৰীবোৰো বজাৰলৈ অহা নাই। তেওঁ সামগ্ৰীবোৰ নিজৰ কাৰ্যালয়ত ভাস্কৰ্য হিচাপেহে সজাইছে।
