নিউজ ডেক্স,১৯ নৱেম্বৰঃ গুজৰাট বিধানসভা নিৰ্বাচনত আন এক বিজয়ৰ ইতিহাস গঢ়িবলৈ বিজেপিয়ে সকলো শক্তি প্ৰয়োগ কৰিছে। দলটোৱে অভিলেখ সংখ্যক আসনৰ সৈতে জিকিব বুলি দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুজৰাটত দলটোৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই কয় যে গুজৰাটত বিজেপিৰ বিজয়ে ২০২৪ চনৰ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পথ প্ৰশস্ত কৰাৰ লগতে নৰেন্দ্ৰ মোডীয়েই পুনৰ প্ৰধানমন্ত্ৰী হ’ব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় – “আমি নিশ্চিত কৰিব লাগিব যে গুজৰাটত বিজেপিয়েই জয়ী হ’ব, কিয়নো গুজৰাটে সদায় দেশক নেতৃত্ব দি আহিছে।’ গুজৰাট নিৰ্বাচনে আগন্তুক লোকসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব। এই নিৰ্বাচনী ফলাফলে এনে এক পৰিৱেশ সৃষ্টি কৰিব যি সাধাৰণ নিৰ্বাচনৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব আৰু একেদৰে আমি নিশ্চিত হ’ম যে নৰেন্দ্ৰ মোডী পুনৰ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব। সেইকাৰণে গুজৰাটৰ ভোটাৰসকলে বৃহৎ সংখ্যাত বিজেপিক ভোট দিয়াটো গুৰুত্বপূৰ্ণ। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীকো সমালোচনা কৰি কয় যে কংগ্ৰেছে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছে। এইকাৰণেই ৰাহুল গান্ধীয়ে গুজৰাটৰ পৰিৱৰ্তে আন ৰাজ্যত প্ৰচাৰ চলাই আছে। আম আদমী পাৰ্টি কথা উল্লেখ কৰি কয় যে বিজেপিৰ প্ৰতি কোনো ভাবুকি আনিব নোৱাৰে আম আদমী পাৰ্টিয়ে ।