গুৱাহাটী,২০ নৱেম্বৰঃ সুদীৰ্ঘ ৩৫ বছৰ পাছত অসমত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী। ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল এই প্ৰদৰ্শনী। সুদীৰ্ঘ ৩৫ বছৰৰ অন্তত এইবাৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ৪৯ সংখ্যক এই প্ৰদৰ্শনী। পূৰ্বে জৱাহৰলাল নেহেৰুৰ নামেৰে আছিল এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনী। এতিয়া ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী নামাকৰণ কৰা হৈছে। এইবাৰ ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ কলাক্ষেত্রত অনুষ্ঠিত হ’ব। আজি গুৱাহাটীৰ কাহিলিপাৰাস্থ অসম ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰা এখ ন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। উল্লেখ যে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সৌজন্যত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে পাঁচদিনীয়াকৈ আয়োজন কৰা এই প্ৰদৰ্শনীত দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানী আৰু সমল ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। এই প্ৰদৰ্শনীত নৱোদয় বিদ্যালয় আৰু চেন্ট্ৰেল স্কুলৰ শিক্ষাৰ্থীসকলেও অংশ গ্ৰহণ কৰিব। এই প্ৰদৰ্শনীৰ দ্বাৰা অসমৰ ছাত্র-ছাত্রীসকল বিশেষভাৱে লাভান্বিত হ’ব বুলি উল্লেখ কৰি তেওঁ সকলোকে ইয়াত অংশ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীত অসমৰ ১৯ টা দলে অংশ গ্ৰহণ কৰিব। প্ৰদৰ্শনীত মুঠ ১৬৪ খন ষ্টল থাকিব আৰু বৈদিক যুগৰ বৈজ্ঞানিক বিষয়ো প্ৰদৰ্শিত হ’ব। এই বৈজ্ঞানিক প্ৰদৰ্শনীত দেশৰ ২২ খন ৰাজ্যই অংশ গ্ৰহণ কৰিব। সমগ্ৰ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰী সকলক অনা নিয়া কৰাৰ লগতে সমগ্ৰ দিশটো তদাৰক কৰিব বুলি তেওঁ কয়। বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৪৯ সংখ্যক ৰাষ্ট্ৰীয় বৈজ্ঞানিক প্ৰদৰ্শনী ২২ নৱেম্বৰত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্ৰদৰ্শনীত আদৰ্শ বিদ্যালয় সংগঠনেও অংশ গ্ৰহণ কৰিব। আনহাতে সন্ধিয়া ৫ বজালৈ মুকলি থাকিব প্ৰদৰ্শনী। সেইদৰে প্ৰত্যেক দিনাই সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। তদুপৰি প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি ৰাতিৰ আকাশ পৰ্যবেক্ষণৰ ব্যৱস্থা, পক্ষী নিৰীক্ষণৰ বিশেষ ব্যৱস্থা কৰা হৈছে। আনহাতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ‘স্পেছ অন হুইল’ৰ প্ৰদৰ্শনৰো বিশেষ ব্যৱস্থা কৰা হৈছে। সংবাদমেলত এছ চি ই আৰ টিৰ অধ্যক্ষা ডঃ নীৰদা দেৱীকে ধৰি উদ্যোক্তা সংগঠনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।









