লখিমপুৰ, ১৯ নৱেম্বৰ : লখিমপুৰৰ একেখন গাঁৱৰ ২০ জন লোকক একেদিনাই আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া গাঁওখনৰ চৌদিশে কান্দোনৰ ৰোল উঠিছে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত ন-আলি কৈবর্ত গাৱত। উল্লেখ্য ২০১৮ চনৰ এক ঘটনাৰ আলমত এইসকল লোকক ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে জেললৈ প্ৰেৰণ কৰাত গাঁওখনৰ সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ২০১৮ চনৰ অক্টোবৰ মাহত বেথাই দাস নামৰ এজন লোকে ন-আলি কৈবত্ত গাঁৱত নিজ গৃহত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাৰ পিছতে বেথাই দাসৰ পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে বেথাই দাসৰ পত্নী জোন দাসক জেললৈ প্ৰেৰণ কৰে। উল্লেখনীয় কথা যে বেথাই দাসৰ ঘৰ আছিল পানীগাঁও থানাৰ অন্তৰ্গত কুমাৰটাৰ দোৱাৰপাৰ গাঁৱত। তেওঁ বৈবাহিক সূত্রে ন-আলি কৈবত গাৱত থাকিবলৈ লৈছিল। ইফালে জোন দাস জেলত থকাৰ সময়তে বেথাই দাসে আত্মহত্যা কৰা গৃহতো কোনো লোকে অগ্নিসংযোগ কৰি জ্বলাই দিয়ে। এই ঘটনা জানিব পাৰি পিছত জেলৰ পৰা ওলাই আহি বেথাই দাসৰ পত্নী জোন দাসে গাঁওখনৰ তথা ন-আলি কৈবর্ত গাবৰ ২৩ জন লোকৰ বিৰুদ্ধে ঘৰ জ্বলোৱাৰ অভিযোগ তুলি আৰক্ষীক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰাৰ পিছত আদালতৰ চমন অনুসৰি যোৱা ১০ নৱেম্বৰ ৰবিবাৰে গাঁওখনৰ ২৩ জন লোকক পানীগাঁও আৰক্ষীয়ে মতাই নি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। জেললৈ প্ৰেৰণ কৰা লোকসকলৰ ভিতৰত ৭৩ বছৰীয়া অৱসৰপ্ৰাপ্ত গাঁওবুঢ়া ইন্দজিৎ দাস সহ ১৩ গৰাকী বর্ষীয়ান মহিলা সহ ১০ জন পুৰুষ। এনেদৰে একেদিনাই একেখন গাৱৰ এনে বৃহৎ সংখ্যক লোকক (আটাইয়ে অতি দৰিদ্ৰ শ্ৰেণীৰ লোক) জেললৈ প্ৰেৰণ কৰাত এতিয়া গাঁওখনত কান্দোনৰ ৰোল উঠাৰ লগতে বহুতৰে মুৰব্বী একমাত্র উপার্জনকাৰী লোকজন জেললৈ যোৱাত বহুতৰে ঘৰত এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।